নিউজ ডেস্কঃ
আৰিয়ান কাণ্ডত ইটোৰ পিছত সি টোঅভিযোগ-প্ৰতি অভিযোগ চলি আছে। ইয়াৰ মাজতে এনচিবিৰ তালাচী অভিযানৰ এজন সাক্ষীয়ে বিস্ফোৰণ ঘটাইছে। তেওঁ জনোৱা মতে, এই ঘটনাৰ অন্যতম সাক্ষী কিৰণ গোছাভিয়ে শ্বাহৰুখ খানৰ পৰা ২৫ কোটি সৰকোৱাৰ ফন্দী পাতিছিল। শেষত সেয়া ১৮ কোটিত চূড়ান্ত হৈছিল। ইয়াৰে পৰা আকৌ ৮ কোটি দিয়াৰ কথা আছিল অভিযানৰ নেতৃত্বত থকা সমীৰ ৱাংখেড়েক।
এই দাবী কৰিছে সাক্ষী প্রভাকৰ চেইলে। নিজকে গোছাভিৰ দেহৰক্ষী বুলিও পৰিচয় দিয়ে তেওঁ। তেওঁৰ দাবী অনুযায়ী, ক্ৰুইজত তালাচী অভিযানত গোছাভিৰ সৈতে তেৱোঁ আছিল সাক্ষী। বৰ্তমান তেওঁৰ জীৱনক লৈ সংশয়ৰ সৃষ্টি হৈছে। চেইলৰ দাবী, গোছাভিয়ে আৰিয়ানৰ মুক্তিৰ বিনিময়ত শ্বাহৰুখৰ মেনেজাৰ পূজা দাদলানিৰ পৰা ২৫ কোটি টকা আদায়ৰ ষড়যন্ত্ৰ কৰিছিল। শেষত সেয়া ১৮ কোটি টকাত চূড়ান্ত হয়। তাৰ পৰা ৮ কোটি টকা এনচিবিৰ জোনেল ডিৰেক্টৰ সমীৰ ৱাংখেড়েক দিয়াৰ কথা হয়। চেইলৰ আৰু অভিযোগ, আৰিয়ানসহ অন্যান্যসকলক গ্রেপ্তাৰৰ পিছত ৩ অক্টোবৰত তেওঁক এখন উকা কাগজত চহী কৰিবলৈ বাধ্য কৰায় ৱাংখেড়েসহ এনচিবিৰ অন্য বিষয়াসকলে।
চেইলৰ বক্তব্য, এনচিবিৰ বিষয়াসকলে তেওঁৰ পৰা মুঠ ৯খন উকা কাগজত চহী কৰাই লৈছে আৰু আধাৰ কার্ডৰ জেৰক্সো জমা লৈছে।