![]()
নিউজ ডেস্কঃ
বাংলাদেশত দুর্গাপূজীৰ সময়ত হোৱা সাম্প্রদায়িক হিংসাৰ ঘটনাত এইবাৰ নাম সাঙোৰ খালে প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ পুত্র তথা বিএনপিৰ উপাধ্যক্ষ তাৰেক ৰহমানৰ। ইতিমধ্যে দুর্নীতিসহ প্ৰায় ডেৰ ডজন গোচৰ আছে সম্প্ৰতি লণ্ডন নিবাসী তাৰেকৰ বিৰুদ্ধে। এই কাণ্ডত বিএনপিৰ সৈতে আছিল মৌলবাদী দল জামাতো। ৰাজশ্বাহি চার্কিট হাউছত সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছে আৱামি লীগৰ যুটীয়া সাধাৰণ সম্পাদক তথা তথ্য আৰু সম্প্রচাৰ মন্ত্রী ডঃ হাছান মাহমুদে।
লগতে আক্ৰমণত সুপৰিচিত কিছু ৰাজনৈতিক নেতা জড়িত থকাৰ তথ্যও লাভ কৰা বুলি জনাইছে বাংলাদেশৰ গৃহমন্ত্রী আছাদুজ্জামান খান কামালে। তেওঁ জনোৱা মতে, ঘটনাত ধৃতকেইজনক সোধাপোছা কৰাৰ সময়ত তেওঁলোকৰ নাম প্ৰকাশ কৰিছে। অধিক নিশ্চিত হৈ শীঘ্ৰেই সেয়া প্রকাশ কৰা হ’ব। তথ্যমন্ত্রীগৰাকীয়ে লগতে জনাইছে, বিএনপিৰ উপাধ্যক্ষ তাৰেক ৰহমানৰ পৰিকল্পনাতেই সমগ্ৰ দেশত সাম্প্রদায়িক হিংসা বিয়পি পৰে। এমাহ ধৰি কুমিল্লা কাণ্ডৰ পৰিকল্পনা হয় সুদূৰ লণ্ডনৰ পৰা।










