নিউজ ডেস্কঃ
এটা এছএমএছ আহিছিল মোবাইল ফোনত। কিন্তু মেছেজ পঠোৱা নম্বৰত ফোন কৰি নিজৰ সর্বনাশ নিজে মাতিলে পশ্চিমবংগৰ সোমনাথ বেনাৰ্জী নীমৰ ব্যক্তিজনে।
আৰক্ষী সূত্রে জানিব পৰা মতে, সম্প্রতি এক নতুন পদ্ধতিত বেঙ্কত সঞ্চিত টকা সৰকোৱাৰ জালিয়াতি চক্র সক্রিয় হৈছে। তেনে ধৰণৰ এক চক্রৰ ফান্দত ভৰি দিয়ে সোমনাথে। মঙ্গলবাৰে পুৱা তেওঁলৈ এটি মেছেজ আহে। তাত লিখা আছিল ফোনৰ ছিম আপডেট কৰিবলৈ। উক্ত নম্বৰত ওলোটাই ফোন কৰে সোমনাথে। সেই সময় ফোনৰ সিটো মূৰৰ পৰা এজন ব্যক্তিয়ে নিজকে সংশ্লিষ্ট টেলিকম কাষ্টমাৰ কেয়াৰ ডেস্কৰ প্রতিনিধি বুলি পৰিচয় দি তেওঁক তেতিয়াই অনলাইনত ডেবিট কার্ড ব্যৱহাৰ ৰিচার্জ কৰিবলৈ কয়। তাৰ বাবে এটি এপ ডাউনলোড কৰিবলৈ কোৱা হয়। জালিয়াতি চক্রটোৰ পাকত পৰি সকলো নির্দেশ পালন কৰে সোমনাথে। কিন্তু ইয়াৰ পিছতেই তেওঁ ভুল উপলব্ধি কৰে। কিন্তু সেই মুহুৰ্ততে এক মিনিট পাৰ হৈ গৈছিল। সোমনাথে দেখে যে তেওঁৰ বেঙ্ক একাউন্টৰ পৰা ২৫ হাজাৰ টকা উলিয়াই লৈ গৈছে। লগে লগে তেওঁ সকলো বুজি বেঙ্ক একাউন্টটো ব্লক কৰে। কিন্তু তেতিয়ালৈ আৰু দুই মিনিটমান সময় লাগে। সেই সময়ছোৱাতে দুবাৰ ২৫ হাজাৰ টকাকৈ একাউণ্টৰ পৰা ওলাই যায়। এনেদৰে প্ৰায় তিনি মিনিটমানৰ ভিতৰতেই সোমনাথৰ বেঙ্ক একাউন্টৰ পৰা মুঠ ৭৫ হাজাৰ টকা উধাও হয়।
সোমনাথে জনোৱা মতে, জালিয়াতি চক্রটোৰ নির্দেশ মতে তেওঁ গুগল প্লে ষ্টোৰত ‘কেৱাইচি কিউএছ এপ’ (kyc qs app) টাইপ কৰি এটি এপ ডাউনলোড কৰে। ইয়াৰ পিছত ফোনত ৰিচার্জ কৰে। গুগল প্লে ষ্টোৰত ‘কেৱাইচি কিউএছ এপ’ টাইপ কৰিলে তাত ‘টিম ভিউৱাৰ কুইক ছাপোর্ট’ নামৰ এটি এপ খোলা যায়। যিটো এপ ফোনত থকাটো অতি বিপজ্জনক। ইয়াৰ ফলত কোনো লেনদেন কৰিলে তাত ব্যৱহাৰ কৰা ডেবিট বা ক্রেডিট কার্ডৰ নম্বৰৰ পৰা পাছৱর্ড বা ওটিপি সকলো জালিয়াতি চক্রই অন্য ফোনত দেখা পায়। উক্ত পদ্ধতিতেই সোমনাথৰ বেঙ্ক একাউন্টৰ পৰা উক্ত টকা লুট হোৱা বুলি আৰক্ষীৰ অনুমান।