নিউজ ডেস্কঃ
২০০১ চনৰ ১১ ছেপ্টেম্বৰত দুখন বিমানৰ আক্ৰমণত কঁপি উঠিছিল আমেৰিকা। ধূলিত মিহলি হৈ গৈছিল ৱর্ল্ড ট্রেড চেণ্টাৰ। তাৰ পিছত পাৰ হ’ল দুই দশকৰো অধিক সময়। লক্ষ লক্ষ কোটি ডলাৰ খৰচ কৰি, বহুতৰে প্রাণৰ বিনিময়ত আফগানিস্তানত আমেৰিকাই সন্ত্ৰাসবাদী দমন অভিযান চলাই ২০২১ চনৰ আগষ্ট মাহত আফগানিস্তানৰ মাটি এৰে আমেৰিকাই। কিন্তু যি উদ্দেশ্যে আফগানিস্তানত ইমান সময় আৰু ধন খৰচ কৰিলে, সেয়া প্ৰকৃততে পূৰণ নহ’ল আমেৰিকাৰ৷ কিয়নো আফগানিস্তান এতিয়া পুনৰ তালিবানৰ কবলত৷
ইয়াৰ মাজতে এটা খবৰ আহিছে, আফগান আইএছ-এ আক্ৰমণ কৰিব পাৰে আমেৰিকাত৷ আগন্তুক ছয়মাহৰ ভিতৰত সংঘটিত হ’ব পাৰে এই আক্ৰমণ৷ যিটো খবৰে তোলপাৰ লগাইছে ৱাশ্বিংটন মহল। পেন্টাগনৰ সূত্রৰ খবৰ মতে, তালিবানশাসিত আফগানিস্তানত নিজৰ এলেকা গঢ়িছে আইএছ-এ। একে সময়তে নতুনকৈ দলবদ্ধ হোৱা আৰম্ভ কৰিছে আল-কায়দা। ফলত দুশ্চিন্তাত আমেৰিকা৷ পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিক্ৰিয়া আমেৰিকাই কেনেদৰে প্ৰকাশ কৰে সেইটো হ’ব লক্ষণীয় ৷