নিউজ ডেস্কঃ
শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিনৰ শুনানি পুনৰ পিছুৱাই গ’ল। বুধবাৰেও ৰায় ঘোষণা নকৰিলে বম্বে হাইকোৰ্ট। বৃহস্পতিবাৰে এই শুনানি হোৱাৰ কথা। মঙ্গলবাৰে আৰিয়ানৰ জামিনৰ শুনানি প্রক্রিয়া অসমাপ্ত আছিল। শ্বাহৰুখ আৰু গৌৰী খানে আশা কৰিছিল বুধবাৰে হাই কোর্টত ৰায় শুনাব।
আনহাতে, আৰিয়ানৰ বান্ধৱী অভিনেত্রী অনন্যা পাণ্ডেইও এনচিবিৰ কঠোৰ দৃষ্টিত। অনন্যা আৰু আৰিয়ানৰ ৱাটছএপ কথোপকথন পৰীক্ষা কৰিছে নাৰকোটিক্স কন্ট্রোল ব্যুৰোই (এনচিবি)। তাত ড্ৰাগছ সম্পৰ্কীয় একাধিক কথাবার্তা আছে বুলি দাবী এনচিবিৰ। আন তিনিজন তাৰকা-সন্তানৰ নাম এই ড্ৰাগছ-গোচৰত উঠা বুলিও প্ৰকাশ। অৱশ্যে তেওঁলোকৰ নাম এখনও প্রকাশ কৰা নাই।