নিউজ ডেস্কঃ
বহু মানুহেই পেন্টৰ পকেটত ফোন ৰাখে। মহিলাসকলতকৈ এই অভ্যাস পুৰুষসকলৰ বেছি। কিন্তু এই অভ্যাসৰ ফল যে কিমান মাৰাত্মক হ’ব পাৰে সেয়া বোধহয় আমি বহুতেই নাজানো।
পুৰুষসকলে পেন্টৰ পকেটত মোবাইল ফোন ৰাখিলে তেওঁলোকৰ প্রজননৰ ক্ষেত্রত নেতিবাচক প্রভাব পৰিব পাৰে। এই বিষয়ে যুক্তৰাষ্ট্রৰ এক্সেটৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে বহুদিন আগতেই এই বিষয়ত সকলোকে সতর্ক কৰি দিছিল। এক্সেটৰ বিশ্ববিদ্যালয়ৰ বায়োছায়েন্সৰ গৱেষক ফিয়োনা মেথিউজৰ নেতৃত্বত এদল গৱেষকে এই সংক্রান্তত বিগত ১০টি গৱেষণাৰ ৰিভিউ কৰে আৰু এক হাজাৰ ৪৯২টি নমুনা পর্যবেক্ষণ কৰে।
এনভাৰনমেণ্টেল ইন্টাৰনেচনেল সাময়িকীত গৱেষণা সংক্রান্ত নিবন্ধ প্রকাশিত কৰা হয়। উক্ত নিবন্ধত মেথিউজে কৈছে যে, সমগ্ৰ বিশ্বত যেনেদৰে মোবাইল ফোন ব্যৱহাৰ কৰাটো বাঢ়ি গৈছে ইয়াৰ ফলত তাৰ নেতিবাচক দিশবোৰ আমাৰ পৰিষ্কাৰ হোৱাটো অতি প্রয়োজন।মোবাইল ফোনৰ পৰা নির্গত হোৱা ৰেডিও ফ্রিকোয়েন্সি ইলেক্ট্রোমেগনেটিক ৰেডিয়েচনে নেতিবাচক প্রভাব পেলায়। ইয়াৰ ফলত মোবাইল পকেটত ৰাখিলে পুৰুষৰ যৌন জীৱনত প্ৰত্যক্ষ প্রভাব পৰিব পাৰে। কেৱল সেয়াই নহয়, সন্তান জন্মত পুৰুষসকলৰ যি ভূমিকা থকা উচিত, তাতো প্রভাব পৰিব পাৰে। পুৰুষসকলৰ শুক্রাণুৰ অভাৱ দেখা দিব পাৰে।