![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ২৪৪জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৭৮৩৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৪৪ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৭৫জন কামৰূপ মেট্ৰ’ৰ, ১৯জন শিৱসাগৰৰ, ১৮জন বৰপেটাৰ আৰু ১৮জন কামৰূপ গ্ৰাম্যৰ।বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৪ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ৬ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩৯১জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৩৯ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৯৫০৬জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৪৯১জন ৰোগী।













