![]()
নিউজ ডেস্কঃ
ঘৰত বহি ইউটিউব চাই সন্তান জন্ম দিলে কেৰালাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে। ঘূণাক্ষৰেও ইয়াৰ উমান নাপালে পৰিয়ালৰ লোকে। কিন্তু কিশোৰীগৰাকীৰ কোঠাৰ পৰা কেঁচুৱাৰ কান্দোন শুনিহে চকু কপালত উঠে সকলোৰে৷ কেঁচুৱাৰ কান্দোন শুনি কোঠাৰ দৰ্জা খুলি ভিতৰত সোমাই পৰিয়ালৰ লোকে দেখে কিশোৰীগৰাকীৰ কোচত সদ্যভূমিষ্ঠ সন্তানৰ কান্দোন! লগে লগে মা-সন্তানক হস্পিটেললৈ পঠোৱা হয়। চাঞ্চল্যকৰ এই ঘটনাটি ঘটিছে কেৰালাৰ মলপ্পুৰমত। আৰক্ষীয়ে কিশোৰীৰ গর্ভত সন্তান জন্ম দিয়া যুৱকজনক গ্রেপ্তাৰ কৰিছে।
কেৰালাৰ মলপ্পুৰমত পিতৃ-মাতৃৰ সৈতে থাকে ১৭ বছৰীয়া কিশোৰীগৰাকী। অভিযোগ মতে যোৱা এসপ্তাহ নিজৰ কোঠাৰ পৰা একেবাৰেই বাহিৰ ওলোৱা নাই তেওঁ। কিবা সুধিলে কয়, শাস্তি নকৰিবা, স্কুলৰ অনলাইন ক্লাছ চলি আছে। সন্দেহ হোৱা নাছিল পেছাত নিৰাপত্তাৰক্ষী পিতৃ আৰু দৃষ্টিহীন মাতৃৰ। তেনেদৰেই চলি আছিল।
আনহাতে, নিজেক গৃহবন্দী কৰি প্রসৱ বেদনাত অস্থিৰ ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে চাই থাকে কেনেদৰে নিজে নিজেই সন্তান জন্ম দিব পাৰে তাৰ ভিডিও। ইউটিউবত চায় এই ভিডিও। অৱশেষত ২৪ অক্টোবৰত ইউটিউবৰ ভিডিও চাই শিকা পদ্ধতি অৱলম্বন কৰিয়েই তেওঁ সন্তান জন্ম দিয়ে।
এই পর্যন্ত সকলো ঠিকেই আছিল। অথন্তৰ লাগে তিনি দিন পিছত, যেতিয়া সন্তানে কান্দি উঠে। তেতিয়া ওচৰৰ ঘৰৰ এগৰাকী মতৃৰ সন্দেহ হয়, শিশুৰ চিৎকাৰ ক’ৰ পৰা আহিছে? অনুসন্ধান কৰি কিশোৰীগৰাকীৰ কোঠাৰ দৰ্জা খোলাৰ পিছতেই সকলো স্পষ্ট হয়। শিশু কোলাত লৈ বহি আছে কিশোৰী মাতৃ!
বর্তমানে মাতৃ-শিশু, দুয়োৱেই সুস্থ আছে বুলি জানিব পৰা গৈছে। হস্পিটেলৰ পৰাই খবৰ যায় আৰক্ষীলৈ। তদন্ত কৰি আৰক্ষীয়ে ২১ বছৰীয়া এগৰাকী যুৱকক পক্সো আইনত গ্রেপ্তাৰ কৰে। যুৱকজন কিশোৰীগৰাকীৰ প্রতিবেশী। দুয়োৰে মাজত বহুদিন ধৰি প্রেমৰ সম্পর্ক থকা বুলি জানিব পৰা গৈছে। কিন্তু এই ঘটনাৰ কথা পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল দুয়োৱে।
আৰক্ষী সূত্র মতে, সন্তান ভূমিষ্ঠ হোৱাৰ পিছত কেনেদৰে নাড়ি কাটি শিশুক মাতৃৰ শৰীৰৰ পৰা পৃথক কৰিব লাগে, কিশোৰীগৰাকীক সেয়া ইউটিউব চাই শিকাৰ পৰামর্শ দিছিল যুৱকজনে।










