![]()
নিউজ ডেস্কঃ
বেংক জালিয়াতি ৰুধিবলৈ এটিএম ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেঙ্কে পূৰ্বতেই এক পদক্ষেপ গ্ৰহণ কৰিছিল। এইবাৰ উক্ত নিয়ম অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে বেঙ্কটোৱে।
বেঙ্ক কৰ্তৃপক্ষই এই সন্দৰ্ভত কৰা এক টুইটত প্ৰকাশ যে বেছি অংকৰ টকা উলিওৱাৰ ক্ষেত্রত অ’টিপি বাধ্যতামূলক হৈছে। অর্থাৎ এছবিআই গ্রাহকসকলে এটিএমৰ পৰা টকা উলিয়াবলৈ গ’লে সংশ্লিষ্ট একাউণ্টৰ সৈতে জড়িত ফোন লগত নিব লাগিব। ১০ হাজাৰ বা তাতকৈ বেছি টকা উলিয়াবলৈ হ’লে উক্ত ফোন নম্বৰত এটি অ’টিপি আহিব। সেইটো ব্যৱহাৰ কৰাৰ পিছতহে টকা উলিয়াব পৰা যাব। কেৱল কার্ডৰ জৰিয়তে এবাৰত সর্বোচ্চ ৯,৯০০ টকা উলিয়াব পৰা যাব। ইয়াৰ বেছি উলিয়াবলৈ হ’লে একাধিক লেনদেন কৰিব লাগিব।
অৱশ্যে অন্য বেঙ্কৰ এটিএমৰ পৰা এছবিআই গ্রাহকসকলে টকা উলিয়ালে এই পদ্ধতি কার্যকৰী নহ’ব বুলিও জনোৱা হৈছে।










