![]()
নিউজ ডেস্কঃ
কর্ণাটকত স্কুল খোলাৰ লগে লগেই কৰোনাত আক্রান্ত ৩৩ জন শিক্ষাৰ্থী। কোদাগু জিলাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ৩৩ জন শিক্ষাৰ্থী কোভিডত আক্রান্ত হৈছে। যাৰ ভিতৰত ১০গৰাকী ছাত্ৰী আৰু ২২ জন ছাত্ৰ। কেভিড আক্রান্ত হোৱাৰ খবৰ লাভ কৰিয়েই আবাসিক স্কুলখনক কনটেইনমেন্ট জোন হিচাবে ঘোষণা কৰা হৈছে। জানিব পৰা মতে, আক্রান্ত শিক্ষাৰ্থীসকলৰ অধিকাংশই কোভিডৰ লক্ষণবিহীন। ১০ জনৰ উপসর্গ আছে যদিও বাকীসকল উপসর্গবিহীন।
সম্প্রতি আবাসিক স্কুলখনত জ্বৰত আক্ৰান্ত হয় একাধিক শিক্ষাৰ্থী। তাৰ পিছতেই মুঠ ২৭০ জনৰ কৰোনা পৰীক্ষা হয়। তেওঁলোকৰ ভিতৰত ৩২ জনৰ কোভিড ৰিপোর্ট পজিটিভ আহে। এজন কর্মচাৰীও কৰোনা আক্রান্ত হৈছে। সকলোকে জিলা হস্পিটেলত ভর্তি কৰোৱা হৈছে। ৰিপোর্ট নেগেটিভ অহাসকলক কোৱাৰেইণ্টানত ৰখা হৈছে। অৱশ্যে বিদ্যালয়খনৰ অধ্যক্ষই জনোৱা মতে, ‘সকলো ছাত্র-ছাত্রীৰেই শাৰীৰিক অৱস্থাৰ উন্নতি হৈছে। চিন্তাৰ কোনো কাৰণ নাই।’
উল্লেখ্য, অসমতো যোৱা সপ্তাহৰ পৰা বিদ্যালয়সমূহ খোলা হৈছে৷ তাৰ পূৰ্বে কৰ্ণাটকৰ এই ঘটনাই স্বাভাৱিকতে অভিভাৱকসকলৰ উদ্বেগ বৃদ্ধি কৰিছে৷










