বিশেষ প্ৰতিবেদন:
সমাজৰ একাংশ সংকীৰ্ণ মনোবৃত্তিৰ লোকৰ বাবেই এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হল এগৰাকী মুছলমান যুৱতী । ঘটনাৰ স্থান বিশ্বনাথ চাৰিআলি ।
উল্লেখ্য যে , বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ সমীপৰ আয়ুব খান নামৰ ব্যক্তিজনৰ কন্যাই প্ৰায় এসপ্তাহ পূৰ্বে ঘৰৰ সমীপতে থকা নুৰুল আমিন নামৰ লোকজনৰ ঘৰৰপৰা আনিবলৈ গৈছিল হেডফোন ।কিন্তু জীন্স পেন্ট পৰিধান কৰি তেওঁৰ ঘৰলৈ যোৱাৰ বাবেই নুৰুল আমিন নামৰ ব্যক্তিজনে দুৰ্ব্যৱহাৰ কৰাৰ লগতে গতিয়ায় পঠায় যুৱতী গৰাকীক ।
“মোৰ ঘৰৰ সকলো মহিলাই বুৰ্খা -হিজাব পৰিধান কৰে ; তুমি আমাৰ ঘৰলৈ জীনচ্ পিন্ধি আহিবলৈ ক’ত সাহস পালা “-এইদৰে মন্তব্য কৰে নুৰুল আমিনে ।
ইফালে যুৱতী গৰাকীৰ পিতৃ আয়ুব খানে এই সন্দৰ্ভত প্ৰশ্ন কৰাত নুৰুল আমিনৰ দুই পুত্ৰই নিৰ্মমভাৱে প্ৰহাৰ কৰে পিতৃক । ইতিমধ্যে ,ঘটনা সন্দৰ্ভত বিশ্বনাথ সদৰ আৰক্ষী চকীত ৰুজু কৰা হৈছে এক গোচৰ। নুৰুল আমিনৰ দুই পুত্ৰক আটক কৰে আৰক্ষীয়ে । ইফালে যুৱতী গৰাকীৰ পিতৃৰ বিৰুদ্ধেও নুৰুল আমিনে দাখিল কৰিছে এজাহাৰ ।
নিশ্চিত ভাৱে , বৰ্তমান সময়ত অসহিষ্ণুতা যেন এক জ্বলন্ত সমস্যা হিচাবে পৰিগণিত হৈছে। সমাজৰে একাংশ লোকৰ উচ্চ চিন্তা ধাৰা তথা ঐকান্তিক প্ৰচেষ্টাই 2033 চনত মংগল গ্ৰহত মানৱজাতিৰ বাসোপযোগী কৰি তুলিব । কিন্তু তাৰ মাজতে একেখন সমাজতে বাস কৰা এইসকল লোকৰ মানসিকতাৰ কেতিয়া উত্তৰণ ঘটিব সেয়া নিশ্চয়কৈ চিন্তনীয় বিষয় হিচাবে বিবেচিত হৈছে।