![]()
নিউজ ডেস্কঃ
পুডুচেৰীৰ আৰিয়ানকুপ্পমৰ বাসিন্দা কালাইনেছান (৩২)। দীপাৱলী উপলক্ষে পুত্ৰ প্রদীপক লৈ ওচৰৰেই এখন বজাৰলৈ ফটকা কিনিবিলৈ গৈছিল তেওঁ। দুটা বেগত ফটকা কিনি লৈ স্কুটিত উঠি পুনৰ ৭ বছৰীয়া পুত্ৰৰ সৈতে ঘৰলৈ উভতিছিল কালাইনেছান। স্কুটাৰৰ সন্মুখত ৰখা ফটকাৰ বেগৰ ওপৰত বহিছিল শিশুটি। কিন্তু গন্তব্য স্থানৰ কিছু দূৰৈত পথৰ ওপৰতেই হঠাৎ চলন্ত স্কুটাৰত ৰখা ফটকাত ভয়ানক বিস্ফোৰণ হয়। জুইৰ ধোঁৱাই মুহূর্ততে আৱৰি ধৰে চৌপাশ।
ৰাস্তাত হঠাৎ হোৱা বিস্ফোৰণত আতঙ্ক বিয়পি পৰে। স্থানীয় লোকসকলে দৌৰি আহি দেখে ভস্মীভূত দুটি মৃতদেহ ৰাস্তাৰ দুয়োকাষে ছিটিকি পৰি আছে। কিছু দূৰৈত আৰু দুজন বাইক আৰোহী গুৰুতৰভাৱে আগাতপ্ৰাপ্ত হৈ পৰি আছে।
আৰক্ষীয়ে জনোৱা মতে, বেগত থকা ফটকাত ঘর্ষণৰ কাৰণে বিস্ফোৰণ হয়৷










