![]()
নিউজ ডেস্কঃ
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেদাৰনাথ মন্দিৰৰ পৰা দিয়া ভাষণ শুনিবলৈ শুক্রবাৰে হাৰিয়ানাৰ গুৰুগ্রামৰ এটি মন্দিৰত প্ৰৱেশ কৰিছিল বিজেপি নেতাসকল। লগত আছিল হাৰিয়ানাৰ প্রাক্তন মন্ত্রী মণীষ গ্রোভাৰো। কিন্তু তাৰ পিছতেই হয় বিপত্তি। প্রায় এক বছৰ ধৰি তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত আন্দোলনৰত কৃষকসকলে মন্দিৰৰ প্রধান গে’ট তলা ওলোমাই দিয়ে। চাৰিওফালৰ পৰা ঘেৰাও কৰে মন্দিৰ চৌহদ। মোদীৰ ভাষণ শুনিবলৈ গৈ ছয় ঘণ্টাৰো অধিক সময় ধৰি মন্দিৰতেই আবদ্ধ হৈ থাকে বিজেপি নেতাসকল।
উল্লেখ্য, কেদাৰনাথ মন্দিৰৰ পৰা প্রধানমন্ত্রীয়ে কি বার্তা দিয়ে সেয়া শুনাবলৈ বিভিন্ন মন্দিৰ তডাঙৰ ডাঙৰ পর্দাত ভাষণ সম্প্রচাৰৰ ব্যৱস্থা কৰিছিল বিজেপিয়ে। গুৰুগ্রামৰ পৰা ৭৮ কিলোমিটাৰ দূৰৈৰ ৰোহটক জিলাৰ কিলোই গাঁৱৰ এটি মন্দিৰতো তেনেদৰেই সম্প্রচাৰৰ ব্যৱস্থা হৈছিল। পুৱাতেই মন্দিৰলৈ যায় প্রাক্তন মন্ত্রী মণীষ গ্রোভাৰ, সাধাৰণ সম্পাদক (সংগঠন) ৰবীন্দ্র ৰাজু, মেয়ৰ মনমোহন গোৱেল, জিলা বিজেপি সভাপতি অজয় বানছাল, নেতা সতীশ নন্দাল আদি। কিন্তু কিছু সময়ৰ ভিতৰতেই মন্দিৰ ঘেৰাও কৰে আন্দোলনৰত কৃষকসকলে। তলা লগাই দিয়ে প্রধান দুৱাৰত। ভিতৰতেই আবদ্ধ হৈ পৰে বিজেপি নেতাসকল। ঘটনাস্থলীলৈ আৰক্ষী অহাত কৃষকসকলৰ সৈতে হতাহতি আৰম্ভ হয়। কিন্তু আৰক্ষী মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে।
কৃষকসকলৰ অভিযোগ, পুৱাতেই আন্দোলনকাৰীসকলৰ প্রতি আপত্তিজনক শব্দ প্রয়োগ কৰে প্রাক্তন মন্ত্রী মণীষে। তেওঁ সকলোৰে সন্মুখত ক্ষমা বিচৰাৰ দাবীত আধাঘণ্টাৰ সময়সীমা বান্ধি দিয়ে আন্দোলনকাৰী কৃষকসকলে। পিছত অৱশ্যে ক্ষমা বিচাৰে তেওঁ। পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ অন্য জিলাৰ পৰা বিশাল আৰক্ষী বাহিনী পঠোৱা হয়। দিল্লী-হিসাৰ ৰাষ্ট্ৰীয় ঘাইপথ সাময়িকভাৱে বন্ধ কৰি দিয়া হয়।










