![]()
নিউজ ডেস্কঃ
আৰিয়ান খানৰ ড্ৰাগছ-কাণ্ডৰ লগত বিতৰ্কত জড়িত হৈ পৰা এনচিবি বিষয়া সমীৰ ৱাংখাড়েক অপসাৰণ৷ আৰিয়ান খানক ৰেহাইৰ বাবদ ঘোচ বিচৰা বিতৰ্কত জড়িত হৈ পৰিছিল সমীৰ৷ ফলত এনচিবিৰ ভিতৰচ’ৰাত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ লগতে মহাৰাষ্ট্ৰ আৰক্ষীও তৎপৰ হৈ পৰিছিল সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে৷ তাৰ ফলশ্ৰুতিতেই যেন নিজৰ পদবী জোনেল ডিৰেক্টৰ অৰ্থাৎ আঞ্চলিক সঞ্চালক পদৰ পৰা অপসাৰিত হ’বলগা হ’ল সমীৰ৷ লগতে তেওঁক মুম্বাইৰ পৰা দিল্লীলৈ বদলি কৰা হৈছে৷










