![]()
নিউজ ডেস্কঃ
মহাৰাষ্ট্রৰ আহমদনগৰৰ এখন হস্পিটেলত সংঘটিত অগ্নিকাণ্ডত আইচিইউত থকা প্ৰায় ১০ জন কোভিড ৰোগীৰ মৃত্যু হৈছে। আহত হৈছে আন বহুকেইজন।
ৰাজধানী মুম্বাইৰ পৰা প্রায় আঢ়ৈশ কিলোমিটাৰ দূৰৈৰ আহমদনগৰৰ চিটি চিভিল হস্পিটেলত শনিবাৰে পুৱতি নিশা এই দুর্ঘটনা সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। অগ্নিনিৰ্বাপক বাহিনীৰ প্রাথমিক অনুমান মতে শ্বৰ্ট চার্কিটৰ কাৰণেই উক্ত অগ্নিকাণ্ড সংঘটিত হয়।
https://twitter.com/BHARATGHANDAT2/status/1456887164268998660
তীব্ৰ ধোঁৱাত শ্বাসৰুদ্ধ হৈয়েই আইচিইউত থকা ৰোগীকেইজনৰ মৃত্যু হোৱা বুলি হস্পিটেল সূত্রৰ খবৰ। খবৰ পোৱা মাত্ৰেই উদ্ধাৰকাৰ্য আৰম্ভ কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে। ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বিভাগে।










