![]()
নিউজ ডেস্কঃ
দুবাৰ বিয়া কৰোৱাটো আৱশ্য। কাৰণ, প্রথম পত্নীৰ পৰা কোনো স্বামীৰেই সন্তান নহ’ব। সন্তানৰ মুখ দেখিবলৈ হ’লে দ্বিতীয় বিয়া কৰাবই লাগিব।
হয়, শুনিবলৈ অবাক যেন লাগিলেও এয়াই গাঁওখনৰ ৰীতি। ভাৰত-পাক সীমান্তৰ ওচৰত ৰাজস্থানৰ বাড়ম জিলাৰ অন্তর্গত এখন সৰু গাঁও দেৰাসৰ। ইয়াৰ জনসংখ্যা প্ৰায় ৬০০ জন। এই গাঁৱতেই প্রচলিত হৈ আহিছে এই অদ্ভুত ৰীতি। যাৰ বাবে দেশৰ বাবে গাঁওখনে লাভ কৰিছে এক বিশেষ পৰিচিতি।
কিন্তু গাঁওখনত এনে পৰম্পৰাৰ সূত্রপাত কেতিয়াৰ পৰা হয়? আছে অতীতৰ এক ঘটনা। গাঁৱৰ এজন ব্যক্তিৰ হেনো কোনো সন্তান জন্মা নাছিল। তাৰ পিছত তেওঁ দ্বিতীয় বিবাহ কৰাই সন্তান লাভ কৰে। ইয়াৰ পিছতেই গাঁওখনৰ অন্য পুৰুষসকলো একেই ঘটনাৰ সন্মুখীন হয়। পিছত দ্বিতীয় বিবাহ কৰোৱাত সমস্যাৰ সমাধান হৈছিল। এনেদৰেই পুৰুষসকলৰ বহুবিবাহ ৰীতি গাঁওখনত প্রচলিত হয়।
অৱশ্যে এই পৰম্পৰাৰ আঁৰত আৰু এটি কাৰণ আছে। গাঁৱত তীব্র জলসঙ্কট। মহিলাসকলে পানী আনিবলৈ প্ৰায় পাঁচ কিলোমিটাৰ খোজকাঢ়ি যাবলগা হয়। অন্তঃসত্ত্বা হ’লে কোনো মহিলাৰ বাবেই এইটো সম্ভৱ নহয়। সেয়ে দ্বিতীয় বিয়া কৰায় পুৰুষসকলে। তেনে ক্ষেত্রত প্রথমগৰাকীক তেনেদৰে পত্নীৰ কোনো অধিকাৰ দিয়া নহয়। তেওঁলোকৰ জীৱন কাটে পৰিচাৰিকাৰ দৰে। প্রথম পত্নীক কোৱা হয় ‘জল পত্নী’।
সাধাৰণতে প্রথম পত্নীয়ে সমগ্ৰ জীৱন সন্তানধাৰণৰ অধিকাৰ নাপায়। সেয়ে স্বামীৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপনৰো অধিকাৰ নাথাকে তেওঁলোকৰ। কোনো পুৰুষে যদি এই পৰম্পৰাৰ বিৰোধিতা কৰে তেনেহ’লে তেওঁৰ বিৰুদ্ধে সমগ্ৰ গাঁওখন একত্ৰিত হয়। নিজৰ পৰিয়ালেও তেওঁক পৰিত্যাগ কৰে। গাঁৱৰ পৰা বিতাড়িতও কৰা হয় তেওঁক।










