![]()
নিউজ ডেস্কঃ
সন্ত্ৰাসবাদীৰ সন্ধানত ভাৰতীয় সেনাই তীব্ৰ তালাচী অভিযান চলাইছে জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ খাবলান অৰণ্যত। স্থানীয় গাঁওবাসীৰ পৰা পোৱা খবৰ অনুযায়ী, তাত সশস্ত্র সন্ত্ৰাসবাদী লুকাই থকাৰ সম্ভেদ পোৱা গৈছে। সতর্কতামূলক ব্যৱস্থা হিচাবে ইতিমধ্যেই থানমাণ্ডি–ৰাজৌৰি পথ বন্ধ কৰি দিয়া হৈছে।
উল্লেখ্য, জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদী দমন অভিযান তীব্ৰ গতিত চলি আছে। কিছুদিন পুঞ্চ আৰু পীৰপঞ্জল এলেকাত তালাচী চলোৱা হৈছিল। এই অভিযানো তাৰেই অঙ্গ।
আনহাতে যোৱা বৃহস্পতিবাৰে জম্মু–কাশ্মীৰৰ বেমিনা এলেকাত এখন হস্পিটেলত প্ৰৱেশৰ চেষ্টা কৰে সশস্ত্র সন্ত্ৰাসবাদীয়ে। হস্পিটেলৰ প্ৰৱেশ পথতেই মোতায়েন হৈ আছিল সেনা জোৱানসকল। সন্ত্ৰাসবাদীয়ে হস্পিটেলত প্ৰৱেশৰ চেষ্টা কৰাত বাধা দিয়াৰ চেষ্টা কৰে নিৰাপত্তাৰক্ষীয়ে। আৰম্ভ হয় গুলীয়াগুলী। উক্ত আক্ৰমণৰ ঘটনাত এজন গুলীবিদ্ধ হয়। আহত ব্যক্তিজনক হস্পিটেলত ভর্তি কৰোৱা হয়।










