![]()
নিউজ ডেস্কঃ
আৰিয়ান খান-কাণ্ডত এইবাৰ উঠিল সুনীল পাটিলৰ নাম। বিজেপিৰ অভিযোগ, এনচিপি-ঘনিষ্ঠ এই সুনীলেই মূল চক্রান্তকাৰী। বিজেপিক বদনাম কৰাৰ বাবেই সুনীলক ঢাল হিচাবে ব্যৱহাৰ কৰিছে এনচিপি নেতাসকলে।
শনিবাৰে মহাৰাষ্ট্র বিজেপিৰ নেতা মোহিত কাম্বোজে এক সংবাদমেলত কয়, “গেৰুৱা শিবিৰক বদনাম কৰিবলৈ ষড়যন্ত্র কৰা হৈছে। সুনীল পাটিলক সন্মুখত ৰাখি মহাৰাষ্ট্রৰ যিসকল মন্ত্রীয়ে ষড়যন্ত্র কৰিছে, তেওঁলোক জবাবদিহি হ’ব লাগিব।” ৰাজ্যৰ বহুকেইজন মন্ত্রীৰ ভূমিকা সন্দৰ্ভতো প্রশ্ন তুলিছে মোহিতে। তেওঁ কয়, “মন্ত্রীসকলে ড্ৰাগছ মাফিয়াসকলক সমর্থন কৰিছে নেকি, নে এজন বিষয়াক লক্ষ্য কৰিব বিচাৰিছে?” ৰাজ্যখনৰ এজন প্রাক্তন মন্ত্রীক ডাউদ ইব্রাহিমৰ ঘনিষ্ঠ ড্ৰাগছ মাফিয়াৰ সৈতে দেখা গৈছিল বুলিও দাবী মোহিতৰ।
মোহিতৰ মতে, “আৰিয়ান-কাণ্ডত মূল নিয়ন্ত্রক আৰু চক্রান্তকাৰী সুনীল পাটিল। বিগত ২০ বছৰ ধৰি এনচিপি নেতাসকলৰ তেওঁৰ সৈতে উঠা-বহা। মহাৰাষ্ট্রৰ প্রাক্তন মন্ত্রী অনিল দেশমুখৰ পুত্ৰ হৃষিকেশ দেশমুখৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পর্ক। চৰকাৰী বিভাগত কাক ক’লৈ বদলি কৰিব লাগিব, তাৰ এটা চক্র চলাইছিল সুনীলে।”
মোহিতৰ আৰু অভিযোগ, এই গোচৰৰ অন্যতম সাক্ষী কিৰণ গোছাভিও সুনীলৰ মানুহ। এইটো এটা ডাঙৰ ষড়যন্ত্র বিজেপিৰ বিৰুদ্ধে।










