![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ২৩৯জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৫৪৫০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৩৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৯৪জন কামৰূপ মেট্ৰ’ৰ, ২৫জন কামৰূপ গ্ৰাম্যৰ, ১৬জন বৰপেটাৰ আৰু ১২জন ডিব্ৰুগড়ৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৭ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ২ জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩১২জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৪৬ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬১২১৩৪জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২০৩২জন ৰোগী।













