![]()
ছাইদুল ইছলাম:
ডিফুঃবদৰপুৰ তনয় হবিব মহম্মদ চৌধুৰীক অসম সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ নিযুক্তি প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে বদৰপুৰবাসী ৷ এইলৈ হবিব নৱ নিযুক্ত অধ্যক্ষ হবিব মহম্মদ চৌধুৰীক আন্তৰিক অভিনন্দন জনায় বদৰপুৰৰ স্বেচ্ছাসেৱী সংস্হা,সংগঠন ও বিশিষ্ট ব্যক্তি সকলে।
সম্প্রতি অসম চৰকাৰে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক কেইবাটাও বিভাগৰ অধ্যক্ষৰ পদত নিযুক্তি দিয়া হয়।ইয়াৰ ভিতৰত অন্যতম হৈছে বিশিষ্ট শিল্পপতি হবিব মহম্মদ চৌধুৰী । হবিব মহম্মদ চৌধুৰীৰ ককাক বদৰপুৰ দিঘীৰপাৰ গাওঁৰ বাসিন্দা আছিল ।
তেওঁৰ নাম ফজলুৰ ৰহমান চৌধুৰী।শৈশৱ কালতে হবিব মহম্মদ চৌধুৰীকলৈ পিতৃয়ে হোজাইলৈ স্থানান্তৰিত হয় ৷তাতে তেওঁ ডাঙৰ-দীঘল হয় । পৰৱৰ্তী পৰ্যায়ত হবিব মহম্মদে হোজাইৃ়ত আগৰ ব্যৱসায়ৰ লগত জড়িত হৈ ঈৰ্ষণীয় সফলতা লাভ কৰি শিল্পপতি হিচাপে জনাজাত হয় ৷
হবিব মহম্মদ চৌধুৰীক অসম সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰাত বদৰপুৰৰ বিভিন্ন দল-সংগঠন, আৰু বিষিষ্ট ব্যক্তি সকলে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰে ৷
ধন্যবাদ জনোৱা সংগঠন সমূহ ক্ৰমে,সংগঠন ত্ৰিৰঙ্গা ক্লাব,বদৰপুৰ ডেভলপমেন্ট অর্গেনাইজেছন,ছ’চিয়েল ৱেললফেয়াৰ ট্রাষ্ট,দিঘীৰপাৰ গাঁৱৰ প্রাক্তন ৱার্ড সদস্য আছাদ উদ্দিন,বি ই ই হবিবুৰ ৰহমান, ছাজিদুৰ ৰহমান,ৰবিজুল হুছেন,আবিদুৰ ৰহমান,আহমদ ইফতিকাৰ আলম,নিয়াজ উদ্দিন ছদিওল,ছেলিম আহমদ প্রমুখ।
তেওঁলোকে আশা প্রকাশ ব্যক্ত কৰি কয়যে, অসমৰ বঞ্চিত নিপীড়িত সংখ্যালঘু সম্প্রদায়ৰ জনতা অসমৰ সংখ্যালঘু বোর্ডৰ নৱ নিযুক্ত অধ্যক্ষ হবিব মহম্মদ চৌধুৰীৰ বলিষ্ট নেতৃত্বত উন্নয়ন গতি লাভ কৰিব । বিশেষকৈ সংখ্যালঘু সকল শিক্ষা– দীক্ষাৰ দিশত উন্নতি লাভ কৰে।
ইয়াৰোপৰি সংগঠন সমূহৰ কৰ্মকৰ্তা সকলে এএছ টিচি ৰ নৱ নিযুক্ত চেয়াৰমেন তথা প্রাক্তন বিধায়ক মিশন ৰঞ্জন দাস ও চাহ নিগমৰ চেয়াৰমেন তথা লক্ষিপুৰৰ প্রাক্তন বিধায়ক ৰাজদীপ গোৱালাকো অভিনন্দন জ্ঞাপন কৰে ।
ছাইদুল ইছলাম, ডিফ













