![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ১৩৭জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ১৮৯৫৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৩৭গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৭৭জন কামৰূপ মেট্ৰ’ৰ, ৯জন নগাঁৱৰ, ৮জন নলবাৰীৰ আৰু ৬ জন বৰপেটাৰ।দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৭২ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ২ জন ব্যক্তিৰ৷উল্লেখ্য যে দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৬৫জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৪৮ শতাংশ। এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬১২২৭১জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১৯০২ জন ৰোগী।













