![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ২৮০জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৪৬৬০৬টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৮০গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৩৯জন কামৰূপ মেট্ৰ’ৰ, ১৬জন যোৰহাটৰ, ১৪জন গোৱালপাৰাৰ আৰু ১৩জন কামৰূপ গ্ৰাম্যৰ। সোমবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬০ শতাংশ।
আনহাতে,সোমবাৰৰ দিনটোত মৃত্যু হৈছে ৩ জন ব্যক্তিৰ৷ উল্লেখ্য যে সোমবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৪০জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৪৮ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬১২৫৫১জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ১৯৩৯ জন ৰোগী।













