![]()
নিউজ ডেস্কঃ
পদ্ম বঁটা বিতৰণী মঞ্চত উপস্থিত আছিল বঁটা প্ৰাপকসকলৰ লগতে বহু গুণী-জ্ঞানী মানুহ। কিন্তু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে কর্নাটকৰ এগৰাকী আদিবাসী বৃদ্ধাই। নাম তেওঁৰ তুলসী গৌড়া৷ অৱশ্যে দেশৰ বাবে তেওঁ পৰিচিত অৰণ্যৰ বিশ্বকোষ নামেৰে। হাল্কাকি জনজাতিৰ মহিলাগৰাকীয়ে পৰম্পৰাগত পোছাকত আদিবাসী ৰীতি মানিয়েই খালী ভৰিৰে উপস্থিত হ’ল বঁটা গ্ৰহণ কৰিবলৈ। তেওঁক দেখি একেলগে কৰযোৰে প্ৰণাম কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। সেই মুহূর্তৰ ছবিয়েই এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল। আনকি উক্ত ছবি ইনষ্টাগ্রামতো শ্বেয়াৰ কৰিছে স্বয়ং প্রধানমন্ত্রীয়ে।
বৰ্তমান তেওঁৰ বয়স ৭৭ বছৰ। বিগত ৬০ বছৰি ধৰি তেওঁ সেউজ বিপ্লৱকেই জীৱনৰ মন্ত্র কৰি লৈছে। তথাকথিত শিক্ষা নাই যদিও প্রকৃতিৰ দানৰ প্রতিদান দিয়াৰ পাঠ তেওঁৰ হৈছে। ছয় দশক ধৰি অতিকমেও ৩০ হাজাৰ গছপুলি তেওঁ ৰোপণ কৰিছে। সন্তান-স্নেহেৰে লালন-পালন কৰি সেইবোৰ ডাঙৰ-দীঘল কৰিছে তেওঁ। দিনে দিনে বাঢ়িছে তেওঁৰ গছ-গছনি সম্পর্কে জ্ঞান। সেয়ে তেওঁ লাভ কৰিছে ‘অৰণ্যৰ বিশ্বকোষ’ উপাধি। ইমান গণ্য-মান্য ব্যক্তিত্বৰ ভিৰৰ মাজতো স্বমহিমাৰে উজলি উঠে তেওঁ। পাহৰি নগ’ল নিজৰ ৰীতি-নীতি। খালী ভৰিৰে ৰাষ্ট্রপতিৰ হাতৰ পৰা বঁটা ল’বলৈও কোনো দ্বিধা নকৰে তেওঁ। যেন তাৰ দ্বাৰা তেওঁ ২১ শতিকাৰ আধুনিক ভাৰতত প্রাচীন ভাৰতৰ কথাকে স্মৰণ কৰালে।










