![]()
নিউজ ডেস্কঃ
পম্পেইৰ ওচৰত ২০০০ বছৰ পুৰণি ৰোমান সভ্যতাৰ নিদর্শনৰ সন্ধান লাভ কৰিলে প্রত্নতাত্ত্বিকসকলে। উদ্ধাৰ হ’ল বিছুবিয়াছ আগ্নেয়গিৰিৰ উদ্গীৰণত ধ্বংস হৈ যোৱা এটি সৰু ঘৰ। ঘৰৰ ভিতৰত পোৱা গ’ল তিনিখন বিছনা, এটি কাঠৰ চন্দুক, চেৰামিকৰ পাত্র। গৱেষকসকলৰ অনুমান, ঘৰটিত সেই সময়ৰ এক ক্রীতদাস পৰিয়াল আছিল। পম্পেইৰ ওচৰৰ ভিলা চিভিতা গুইলানা নামৰ এখন চহৰৰ ওচৰত এইবোৰ সন্ধান লাভ কৰিছে গৱেষকসকলে। এবছৰমান পূৰ্বে ইয়াতেই এখন অলঙ্কৃত ৰথ অক্ষত অৱস্থাত পোৱা গৈছিল। গৱেষকসকলৰ ধাৰণা, ৰথখন চোৱা-চিতা কৰিবলৈয়েই নিযুক্ত আছিল উক্ত ক্রীতদাস পৰিয়ালটো।

উল্লেখ্য, ৭৯ খ্ৰীষ্টাব্দত বিছুবিয়াছৰ উদ্গীৰণত যিসকলে প্রাচীন পম্পেই চহৰ এৰি পলাব পৰা নাছিল, তেওঁলোকৰ অৱশেষ নিশ্চয় ইয়াত আছে। হয় ঘৰৰ তলত চেপা খাই পৰি মৃত্যু হৈছিল নহ’লেবা লাভাৰ উত্তাপত তেওঁলোকৰ মৃত্যু হৈছিল।
ঘৰটোৰ ভিতৰত উদ্ধাৰ হোৱা তিনিখন বিছনাৰ ভিতৰত দুখনৰ জোখ ১.৭ মিটাৰ আৰু আনখন ১.৪ মিটাৰ। সেইখন সম্ভৱত কোনো শিশুৰ বিছনা। ইয়াৰ পৰাই অনুমান কৰা হৈছে যে ঘৰটোত কোনো ক্রীতদাসদৰ এটি পৰিয়াল আছিল। ঘৰটো যিটো শিলৰ তলত চেপা খাই পৰি আছিল সেই শিলটোৰ সৃষ্টি আগ্নেয়গিৰিৰ ছাইৰ পৰা। উক্ত শিলটোত ঘৰৰ বিভিন্ন সামগ্ৰীৰ চাপ আছে।










