![]()
নিউজ ডেস্কঃ
কাৰো সাহায্যত নহয়, অকলেই তেওঁ নিৰ্মাণ কৰিছে ৪০ কিলোমিটাৰ পথ। যাৰ দ্বাৰা লাডাখৰ এখন অতি প্রত্যন্ত গাঁৱক সংযোগ কৰিছিল। ৰামজাকৰ পৰা কার্গিয়াক গাঁও পর্যন্ত ৪০ কিলোমিটাৰ দৈর্ঘ্যৰ এনপিডি ৰোড নিৰ্মাণৰ সুবাদতে এই বছৰ পদ্মশ্রী সন্মান লাভ কৰিলে লাডাখৰ ছুলটিম ছঞ্জৰে। সামাজিক কামত অৱদানৰ বাবে তেওঁ লাভ কৰে এই সন্মান।
এফালে পাহাৰীয়া ৰাস্তা, তাৰ উপৰি দুর্গম পথ। দীর্ঘদিন ধৰি অৱহেলিত হৈ আছিল এই এলেকাটো। ন্যূনতম সুযোগ-সুবিধাৰ পৰাও বঞ্ছিত আছিল সাধাৰণ মানুহ। প্রশাসনক একাধিকবাৰ জনায়ো লাভ হোৱা নাছিল। তেতিয়াই ত্রাণকৰ্তাৰ ভূমিকাত অৱতীর্ণ হয় ছুলটিম। এই সুদীর্ঘ ৪০ কিলোমিটাৰ পথ নি্মাণ কৰিবলৈ জীৱনৰ সকলো সঞ্চয় তেওঁ ব্যয় কৰে। এখন জেচিবি কিনাৰ লগতে পথ নিৰ্মাণত পাঁচটা গাধক কামত লগায়। ইয়াৰ পিছত লাহে লাহে নিৰ্মাণ কৰি তোলে ৪০ কিলোমিটাৰ দৈর্ঘ্যৰ পথ।
স্থানীয় লোকসকলৰ ওচৰত মেমে ছঞ্জৰ নামেৰে পৰিচিত তেওঁ। ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে পদ্মশ্রী সন্মান তুলি দিয়ে প্রায় ৮০ বছৰীয়া ছুলটিমৰ হাতত। লগে লগে এতিয়া আনন্দৰ বা বলিছে তেওঁৰ গাওঁখনত।










