![]()
নিউজ ডেস্কঃ
অৰুণাচলত চীনে এখন গাঁও নিৰ্মাণৰ কথা কিছুদিন পূৰ্বে আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। এইবাৰ জানিব পৰা গৈছে যে য’ত এই গাঁওখন গঢ়ি তুলিছে, সেই প্রকৃত নিয়ন্ত্রণৰেখাৰ প্রায় চাৰে চাৰি কিলোমিটাৰ ভিতৰত অৰুণাচল প্রদেশৰ আপাৰ সোৱণশিৰি জিলাৰ উক্ত স্থানত ১৯৫৯ পর্যন্ত আছিল অসম ৰাইফলছৰ শিবিৰ।
সম্প্রতি আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ এক ৰিপোর্টত প্রকাশ পাইছে উক্ত গাঁৱৰ উপগ্রহ চিত্রও। উক্ত ৰিপোর্টতেই আছে দুর্গম উক্ত অঞ্চলত পঞ্চাশৰ দশকৰ অসম ৰাইফলছৰ শিবিৰৰ কথা। আমেৰিকাৰ প্রতিৰক্ষা বিভাগৰ যোৱা বছৰৰ বার্ষিক ৰিপোর্টত উক্ত ঘটনাৰ কথা জনাই কোৱা হৈছিল, তাচৰি চু নদীৰ পাৰত নিৰ্মাণ কৰা উক্ত গাঁৱত প্রায় ১০১টা ঘৰ বনাইছে চীনা সেনাই। উক্ত বক্তব্যৰ সমর্থনত এখন উপগ্রহ চিত্রও প্রকাশ কৰা হৈছিল। সেইখন ২০২০ চনৰ ১ নৱেম্বৰত তোলা বুলি দাবী কৰা হৈছে। ৰিপোর্টত লগতে কোৱা হৈছে যে ষাঠিৰ দশকৰ আৰম্ভণিতেই অসম ৰাইফলছক আঁতৰাই তাচৰি চু নদীৰ পাৰৰ উক্ত এলেকা দখল কৰিছিল চীনৰ পিপলছ লিবাৰেচন আর্মিয়ে (পিএলএ)। পিছত তেওঁলোক আঁতৰি যায়। কিন্তু পৰৱর্তী পাঁচ দশক ধৰি লাহে লাহে উক্ত অঞ্চল চীনা ফৌজে তেওঁলোকৰ নিয়ন্ত্রণলৈ লৈ যায়।
যোৱা বছৰ নৱেম্বৰত অৰুণাচলৰ বিজেপি সাংসদ টাপিৰে অভিযাগ কৰিছিল যে আপাৰ সোৱণশিৰি জিলাত এলওচি পাৰ হৈ ভাৰতীয় এলেকাত সোমাই স্থায়ী আন্তঃগাঁথনি নিৰ্মাণ কৰিছে চীনে। যোৱা এপ্রিলত আমেৰিকান কংগ্রেছত জমা দিয়া বার্ষিক ৰিপোর্টত ‘অফিচ অব দ্য ডিৰেক্টৰ অব নেচনেল ইন্টেলিজেন্স’-এ জনাইছিল ভাৰতীয় ভূখণ্ড দখল হোৱাৰ কথা।










