![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও:দৰিদ্ৰতাৰ গ্ৰাসত পৰি কিম্বা অৰ্থৰ লালসাত ৰাজ্যৰ বিভিন্ন স্থানত একাংশ লোকে নিজৰ শৰীৰৰ অংগ বিক্ৰী কৰা ঘটনাই সময়ে সময়ে জোকাৰণি সৃষ্টি কৰি অহাৰ মাজতে শেহতীয়াকৈ চাকৰিৰ আশাত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলৰ এগৰাকী শীৰ্ষ বিষয়াৰ আত্মীয়ক বৃক্ক দান কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ এজন বিবাহিত যুৱকে ।
আজি নগাঁও প্ৰেছ ক্লাবলৈ আহি সংবাদ মাধ্যমৰ আগত নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলু অঞ্চলৰ হীৰুমণি শইকীয়া নামৰ এজন বিবাহিত যুৱকে এ পি ডি এছ এলৰ মহা প্ৰবন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে
হীৰুমণি শইকীয়াই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে এটা চতুৰ্থ বৰ্গৰ চাকৰি লাভৰ আশাত বিগত ২০২০ বৰ্ষৰ ৩১ ডিচেম্বৰত তেওঁ এ পি ডি চি এলৰ উচ্চ পদস্থ বিষয়া কৰবী বৰা ডেকাৰ আধ্যাপক অসুস্হ স্বামীক এটি বৃক্ক দান কৰে।
এই সন্দৰ্ভত যুৱকজনে গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি হোৱাৰ তথ্য সদৰি কৰে। এ পি ডি চি এলৰ শীৰ্ষ মহিলা বিষয়াগৰাকীৰ বিৰুদ্ধে আজি সৰৱ হৈ ভুক্তভোগী যুৱকজনে কয় :”এটা চতুৰ্থ বৰ্গৰ চাকৰি আৰু নিজৰ নামত এটুকুৰা মাটিৰ বিনিময়ত মই বৃক্ক দান কৰাৰ কথা কৰবী বাইদেউক অৱগত কৰিছিলো।
সেই সময়ত বাইদেৱে মোৰ কথাত মৌখিকভাৱে সন্মতি প্রদান কৰিছিল। কিন্ত্ত তেওঁৰ স্বামীৰ দেহত মোৰ এটা বৃক্ক সংৰোপনৰ পাচৰে পৰা বাইদেৱে মোৰ লগত যোগাযোগ বিচ্ছিন্ন কৰে।” অৱশ্যে সেই সময়ত প্ৰয়োজনীয় ঔষধ, অহযাহ ব্যয় আৰু গুৱাহাটীত থকা খৰছ আদিৰ বাবদ বিষয়াগৰাকীয়ে যুৱকজনক কিছু টকা দিয়ে বুলি জনায়।আনহাতে যুৱকজনৰ এনে অভিযোগ সন্দৰ্ভত এ পি ডি চি এলৰ উচ্চ পদস্থ বিষয়া গৰাকীয়ে কোনো ধৰনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই বুলি জানিব পৰা গৈছে ।
ইপিনে হীৰুমণি শইকীয়াই এ পি ডি চি এলৰ বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে তেওঁক কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰি দিৱৰ বাবে অনুৰোধ জনাই যোৱা ২৬ অক্টোবৰত নগাঁও জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । এই সন্দৰ্ভত হীৰুমণি শইকীয়াই ৰাজ্যৰ মুখ্যমন্ত্রী আৰু শক্তি মন্ত্ৰীলৈকো স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ বিষয়ে জানিবলৈ দিয়ে । যুৱকজনৰ এনে অভিযোগৰ সত্যতা আৰু এ পি ডি চি এলৰ শীৰ্ষ বিষয়াগৰাকীৰ সন্দৰ্ভত বিভাগটোৱে কেনেধৰনৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।













