![]()
মনোজ কুমাৰ পাঠক:
লংকা : লামডিং বনাঞ্চলৰ জানজুত উত্তপ্ত পৰিস্থিতি।প্ৰকৃতিপ্ৰেমী লংকাৰ ড°ৰহমত আলীক আক্ৰমণ কৰে উচ্ছেদিত ৰাইজে ।
ৰহমত আলী নিজ গাড়ীত উঠাৰ সময়তেই, একাংশ উত্তেজিত ৰাইজে মাৰধৰ কৰাত, গাড়ীৰ পৰা নামি পলাবলৈ বাধ্য হয় ড° ৰহমত আলী ।
একাংশ উচ্ছেদিত ৰাইজৰ পৰা সংস্হাপনৰ বিনিময়ত ধন বিচৰাৰ অভিযোগ ৰহমত আলীৰ বিৰুদ্ধে।কিন্তু, উক্ত অভিযোগ প্ৰত্যাখ্যান ড° ৰহমত আলীৰ।
উল্লেখ যে, বিগত বহু বছৰৰ পৰা ৰহমত আলীয়ে গছ-গছনী সংৰক্ষণ কৰা আৰু প্ৰকৃতিৰ ওপৰত কাম কৰি ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰা হেতুকে বহুৱে বিপদ পেলাবলৈ চেষ্টা চলাই আছিল ৰহমত আলীক।
হোজাই আৰু কাৰ্বিআংলং সীমান্তত হোৱা উচ্ছেদিত ৰাইজকো মাটিৰ স্হায়ী পত্তা দিয়াৰ নামত উচ্ছেদীত ৰাইজে ধন লোৱাৰ অভিযোগ উঠাইছে ৰহমত আলীৰ বিৰুদ্ধে।পিছত, ঘটনাস্হলীত আৰক্ষী মোতায়ন কৰাত পৰিস্হিতি শান্ত হয়।












