![]()
নিউজ ডেস্কঃ
বিয়া কৰালে শান্তিৰ নোবেল বিজয়ী মালালা ইউচুফজায়ে । বার্মিংহামত এটি সৰু ঘৰুৱা অনুষ্ঠানত পাকিস্তানী কন্যাগৰাকীৰ বিয়াৰ অনুষ্ঠান সম্পন্ন হয়। দৰাৰ নাম অচৰ মালিক। অচৰ পাক ক্রিকেট বোর্ডৰ বিষয়া ৷

মঙ্গলবাৰে অচৰৰ সৈতে তেওঁৰ বিয়াৰ খবৰ টুইটাৰত জনায় মালালাই। বিয়াৰ ছবি পোষ্ট কৰি তেওঁ লিখে, ‘আমাৰ জীৱনৰ এটি মূল্যৱান মুহূর্ত। অচৰ আৰু মই আজীৱন সঙ্গী হোৱাৰ বাবে আজি বিবাহ বান্ধোনত বন্দী হ’লো।’










