![]()
নিউজ ডেস্কঃ
পুনৰ দিল্লীৰ নিকটৱর্তী সিংঘু সীমান্তত এজন কৃষকৰ ৰহস্যজনকভাৱে মৃত্যু ঘটে। বুধবাৰে আন্দোলনস্থলীৰ ওচৰৰ পৰা গুৰপ্রীত সিং নামৰ এজন কৃষকৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হয়। তেওঁ পঞ্জাবৰ ফতেহগড় সাহেবৰ আমৰোহ জিলাৰ বাসিন্দা। ইয়াকে লৈ বিগত দুমাহত আন্দোলনস্থলীত দুজন কৃষকৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ঘটিল।
জানিব পৰা মতে, মৃত কৃষক গুৰপ্রীত ভাৰতীয় কিষাণ ইউনিয়ন, সিধুপুৰৰ জগজিৎ সিং দাল্লেৱাল গোটৰ সৈতে জড়িত আছিল। কুণ্ডলি থানাৰ আৰক্ষীয়ে মৃতদেহ পোষ্টমৰ্টেমৰ বাবে পঠাইছে। আৰম্ভ হৈছে মৃত্যুৰ কাৰণ অনুসন্ধান।










