![]()
নিউজ ডেস্কঃ
কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ এবছৰ সম্পূৰ্ণ হ’বলৈ আগবাঢ়িছে। সেয়ে সংসদৰ পথত ট্ৰেক্টৰ সমদল উলিয়াব বিদ্ৰোহী কৃষকসকলে। শীতকালীন অধিবেশনৰ দিনাৰ পৰাই এই সমদল হ’ব বুলি জনাইছে আন্দোলনকাৰী কৃষকসকলে।
সংযুক্ত কিষাণ মর্চাই জনোৱা মতে, ২৯ নৱেম্বৰৰ পৰাই শান্তিপূৰ্ণ সমদল কৰিব ৫০০ কৃষকে। সম্পূর্ণ শৃঙ্খলাবদ্ধতাৰে দিল্লীত নিজৰ অধিকাৰ ৰক্ষাৰ বিষয়টো নিশ্চিত কৰাৰ উদ্যোগ লৈছে তেওঁলোকে।
ইয়াৰ উপৰি ২৬ নৱেম্বৰত বিক্ষোভৰ বর্ষপূর্তিৰ দিনাও কৃষকসকলৰ আছে বিশেষ পৰিকল্পনা। সিদিনাখন পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ, উত্তৰাখণ্ড আৰু ৰাজস্থানৰ পৰা কৃষকসকল দিল্লীলৈ আহিব। একত্রিত হ’ব মহাপঞ্চায়তত। সমগ্ৰ দেশজুৰি আন্দোলনক আগবঢ়াই নিব তেওঁলোকে। মর্চাৰ মতে, এই সমগ্ৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত চাপ বৃদ্ধিৰ বাবেই।










