![]()
নিউজ ডেস্কঃ
আমেৰিকাৰ কেলিফোর্নিয়াত এখন বাগান আছে। যাৰ নাম ছান ডিয়েগো বোটানিক গার্ডেন। ইয়াত অতি কম সময় ৰবাবে ফুলে বিৰল প্রজাতিৰ এক ধৰণৰ ফুল। যাৰ গোন্ধ পচা মাংসৰ দৰে। এই ফুল আকৌ থাকে মাত্র ৪৮ ঘণ্টা। উক্ত ফুল চাবলৈয়ে হাজাৰ হাজাৰ লোকে টিকট কাটি ভিৰ কৰে।
কেলিফোর্নিয়াত থকা উক্ত ফুলগছৰ নাম ‘কর্পছ প্লেন্ট’। বিজ্ঞানসম্মত নাম ‘এমোৰফোফালাছ টাইটানাম’। এই ফুল সকলো সময়তে নুফুলে। প্রায় এক দশক সময় লাগে সম্পূর্ণভাবে ফুলিবলৈ। কিন্তু ফুলাৰ পিছতো বেছি সময় নাথাকে। মাত্র ৪৮ ঘণ্টা তাৰ ম্যাদ। সমগ্ৰ বিশ্বত এই ফুলৰ গছ গণিব পৰা বিধৰ। সেয়ে এই ফুলৰ জনপ্রিয়তা বহু বেছি।










