![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শিলচৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰে কলকাতালৈ যাত্ৰা কৰা শতাধিক যাত্ৰী কোনোপধ্যে বাচি গ’ল। বিমানখন কেনেবাকৈ ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰিছে। বুধবাৰৰ দিনা পুৱা ৭:৪০ বজাত এয়াৰ ইণ্ডিয়াৰ এআই ৭৫৪ নম্বৰৰ বিমানখন শিলচৰৰ কুম্বিৰগ্ৰাম বিমানকোঠৰ পৰা কলকাতালৈ উৰা মাৰিছিল। কিন্তু মিনিটৰ ভিতৰতে বিমানখনত যান্ত্ৰিক সমস্যা দেখা দিয়ে । যান্ত্ৰিক গোণ্ডগোল অনুভৱ কৰি পাইলটজনে কলিকতালৈ নোযোৱাকৈ বিমানখন শিলচৰলৈ ঘূৰাই লৈ আহে। বিমানখন জৰুৰীকালীন অৱস্থাত শিলচৰত অৱতৰণ কৰিছিল। সেই সময়ত বিমানখনৰ এটা চকাৰ পৰা এটা প্ৰচণ্ড ধোঁৱা ওলোৱা আৰম্ভ হৈছিল। ইয়াৰ আগতে, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স সতৰ্ক হৈ আছিল।
জানিব পৰা মতে, পাইলটজনৰ বুদ্ধিমত্তাৰ বাবে আৰু অগ্নি নিৰ্বাপক প্ৰচেষ্টাৰ বাবে কোনো ধৰণৰ ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱা নাই। কোনো যাত্ৰীও আঘাতপ্ৰাপ্ত হোৱা নাই। বিমানখন বৰ্তমান বিমানকোঠৰ ৰানৱেত অৱস্থান কৰিছে। ফলস্বৰূপে, শিলচৰ বিমানবন্দৰৰ অইন বিমানসমূহ আজি বাতিল কৰা হ’ব পাৰে বুলি বিমানকোঠৰ সূত্ৰটোৱে কয়। দুৰ্ঘটনাটোৰ পৰা উদ্ধাৰ হোৱা বিমানখন ইতিমধ্যে বাতিল কৰা হৈছে। এই বিমানখনৰ যাত্ৰীসকল ইতিমধ্যে শিলচৰ বিমানকোঠৰ পৰা উভতি আহিছে।










