![]()
নিউজ ডেস্কঃ
কোনোবা দিনা যদি আধাপেটী, কোনোবা দিনা আকৌ খাবলৈ নাই এমুঠি অন্ন! অভাৱৰ সংসাৰত টলকিব নোৱাৰি ১ লাখ ৭৮ হাজাৰ টকাত নিজৰ তিনিদিনীয়া সন্তানকে বিক্ৰী কৰিলে মাতৃয়ে। মহাৰাষ্ট্রৰ আহমেদ নগৰ জিলাৰ চিৰডিৰ ঘটনা এয়া। খবৰ পাই লগে লগে তদন্তত নামি পৰে আৰক্ষী। শিশুটিৰ মাতৃ, শিশুটিক কিনা ব্যক্তিগৰাকীসহ আৰু চাৰিজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য, যোৱা ছেপ্টেম্বৰ মাহত সন্তানটি জন্ম দিছিল মহিলাগৰাকীয়ে। তেওঁৰ বয়স ৩২ বছৰ। কিন্তু সংসাৰ চলাবৰ জোখাৰে উপাৰ্জন নাছিল তেওঁৰ। নিজৰ সন্তানক পালন কৰাৰ ক্ষমতাও নাছিল মহিলাগৰাকীৰ। সেয়ে শিশুটিক বিক্ৰীৰ সিদ্ধান্ত লয়। তেতিয়াই তেওঁৰ সৈতে মুম্বাইৰ এগৰাকী ব্যক্তিক যোগাযোগ কৰাই দিয়ে তিনিগৰাকী মহিলাই। তেওঁলোক থানে আৰু মুলুন্দৰ বাসিন্দা। তেওঁলোকৰ জৰিয়তে ব্যক্তিজনক বেআইনীভাবে শিশুটি বিক্ৰী কৰে মহিলাগৰাকীয়ে।
বিশেষ সূত্রে খবৰ লাভ কৰি মুম্বাইত ব্যক্তিজনৰ ঘৰত তালাচী চলায় আৰক্ষীয়ে। তেতিয়াই শিশুটিক উদ্ধাৰ কৰে। কোনো কাগজ-পত্র নাপায়। সেয়ে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে জুভেনাইল জাষ্টিচ আইনত। তদন্ত চলি আছে।










