![]()
নিউজ ডেস্কঃ
সাধাৰণতে বাঘ বুলিলেই হালধীয়াৰ ওপৰত ক’লা দাগকটা আৰু চিতা বাঘ বুলিলেই হালধীয়াৰ ওপৰত ক’লা চপৰা-চপৰ দাগ৷ এনেদৰেই বর্ণনা দিয়া হয়। বগা বাঘৰ কথাও শুনা গৈছে যদিও গুলপীয়া বাঘ ?
সম্প্রতি বিৰল এই গুলপীয়া চিতাবাঘ দেখা গৈছে ৰাজস্থানৰ পালি জিলাৰ ৰনকপুৰৰ আৰাৱলি পার্বত্য অঞ্চলত। এই প্রথম ভাৰতত গুলপীয়া চিতা বাঘৰ দর্শন ঘটিল। উদয়পুৰৰ বন্যপ্ৰাণী সংৰক্ষক আৰু ফটোগ্রাফাৰ হিতেশ মোটৱানিয়ে দাবী কৰিছে যে চাৰি দিন ধৰি উক্ত এলেকাত গৱেষণা চলোৱাৰ সময়তেই তেওঁৰ কেমেৰাত বন্দী হৈছে এই বিৰল প্রজাতিৰ চিতা বাঘ। চিতা বাঘটিৰ বয়স আনুমানিক ৫-৬ বছৰ।
সাধাৰণতে ভাৰতৰ চিতা বাঘৰ গাৰ বৰণ পাতল হালধীয়া বা বাদামী-হালধীয়া ৰঙৰ হয়। কিন্তু বিৰল প্রজাতিৰ এই চিতা বাঘৰ গাৰ বৰণ ৰঙা-বাদামী। বহুখিনি ষ্ট্ৰবেৰিৰ দৰে। জীৱ বিজ্ঞানীসকলৰ মতে, বিৱর্তনৰ কাৰণেই চিতা বাঘৰ গাৰ বৰণ এনে ৰঙচুৱা-বাদামী হৈছে। যিয়ে এই বাঘক অন্য বাঘৰ তুলনাত একেবাৰে পৃথক পর্যায়লৈ লৈ গৈছে। ইয়াৰ পূৰ্বে ২০১৬ আৰু ২০১৯ চনত দক্ষিণ আফ্রিকাত এই গুলপীয়া চিতা বাঘ চকুত পৰিছিল। অৱশ্যে ভাৰতত প্রথমবাৰ দেখা গ’ল এই চিতা বাঘ।










