![]()
নিউজ ডেস্কঃ
পুনৰ আৰম্ভ হৈছে সাংসদসকলৰ নিজ এলেকা উন্নয়ন পুঁজি। বুধবাৰে কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে জনোৱা মতে, চলিত বছৰত আংশিকভাবে আৰু অহা বছৰৰ পৰা পুনৰ পূর্ণাঙ্গভাবে সাংসদসকলৰ নিজ এলেকা উন্নয়নৰ ধন দিয়া হ’ব। অনুৰাগ ঠাকুৰে কয় যে চলিত বিত্তীয় বর্ষ অর্থাৎ ২০২১–২২ বর্ষৰ পৰাই এমপি–এলএডিৰ ধন পাব লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলে। চলিত বছৰত অৱশিষ্ট অংশৰ বাবে এটা কিস্তিতে ২ কোটি টকাকৈ সকলো সাংসদকে দিয়া হ’ব। অহা বছৰৰ পৰা পুনৰ আগৰ দৰে নিজ এলেকা উন্নয়ন খণ্ডত ৫ কোটি টকাকৈ পাব সাংসদসকলে। এই টকা দিয়া হ’ব দুটা কিস্তিত, আঢ়ৈ কোটি টকাকৈ। আগন্তুক ২০২৫–২৬ বিত্তীয় বর্ষ পর্যন্ত এই হাৰতেই সাংসদ পুঁজিৰ ধন লাভ কৰিব সাংসদসকলে।
উল্লেখ্য, কৰোনা মহামাৰীৰ ফলত বিধ্বস্ত অর্থনীতি পুনৰুদ্ধাৰৰ বাবে ২০১৯ চনৰ এপ্রিল মাহৰপৰা এমপি–এলএডিৰ পুঁজি যোগান ২ বছৰৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল কেন্দ্রই। যাক লৈ বিতর্কও হৈছিল।










