![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ২৬৩ জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৮১১৫ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৬৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১২১জন কামৰূপ মেট্ৰ’ৰ, ২০জন বৰপেটাৰ, ১৪জন কামৰূপ গ্ৰাম্যৰ আৰু ১৪জন নলবাৰীৰ। বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৬৯ শতাংশ।
আনহাতে,বুধবাৰৰ দিনটোত মৃত্যু হৈছে ১ জন ব্যক্তিৰ৷উল্লেখ্য যে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৮৪জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৪৮ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬১৩০৬১জনলৈ পাইছে বৃদ্ধি।













