![]()
নিউজ ডেস্কঃ
কাপোৰৰ দোকানৰ ভিতৰত দ্রুতগতিত সোমাই পৰা এখন বাইকৰ ভিডিও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। সম্প্রতি তেলেঙ্গানাৰ এখন কাপোৰৰ দোকানত ঘটিছে উক্ত দুর্ঘটনা। দোকানখনৰ চিচি টিভি কেমেৰাত ধৰা পৰিছে কেনেদৰে বাইকখন দোকানৰ ভিতৰত প্ৰৱেশ কৰিছে তাৰ দৃশ্য।
ভিডিওটোত দেখা পোৱা মতে, দোকানখনৰ ভিতৰত বহি কথা পাতি আছে চাৰিজন লোকে। সেই সময়তে হঠাৎ দ্রুতগতিত ভিতৰলৈ সোমাই আহে নিয়ন্ত্রণহীন এখন বাইক। কিন্তু সৌভাগ্যক্রমে বাইকখনে খুন্দা মৰাৰ পূৰ্বেই তেওঁলোক আঁতৰি যাবলৈ সক্ষম হয়। আনহাতে, দোকানখনত সোমাই খুন্দা মৰাৰ পিছত বাইকা আৰোহীজন ছিটিকি গৈ পৰে দোকানৰ এটা কোণত। অৱশ্যে গুৰুতৰ আঘাতৰ পৰা তেৱোঁ ৰক্ষা পৰে।
তেলেঙ্গানাৰ খাম্মাম জিলাৰ ৰবিছেত্তু বজাৰত সোমবাৰে ঘটে উক্ত ঘটনা। চিচি টিভি ফুটেজৰ কথা-বার্তাৰ পৰা জানিব পৰা গৈছে, বাইকখনৰ ব্রেক ফেইল হোৱাৰ ফলতেই এই বিপত্তি ঘটে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু বাইকখন বাজেয়াপ্ত কৰিছে।










