![]()
নিউজ ডেস্কঃ
কোভিড ৰুধিবলৈ বিভিন্ন ধৰণৰ মাস্ক আছে বজাৰত। কিন্তু এই একেবাৰে খাঁটি সোণৰ মাস্ক! ওজন ১০৮ গ্রাম। মূল্য প্রায় ৫.৭০ লাখ টকা। মাস্কখন পিন্ধি পূজাৰ সময়ত কলকাতাত ওলাইছিল এজন ব্যৱসায়ী। অৱশ্যে বেছি সময় তেওঁ পিন্ধি থাকিব নোৱাৰিলে। ওচৰ-পাজৰৰ মানুহৰ কৌতূহলৰ হেঁচা-ঠেলাত মাস্ক খুলি পকেটত ভৰাই তুৰন্তে গাড়ীত উঠি ঘৰলৈ ঘূৰি আহিবলগা হয়।
বজবজৰ প্রতিষ্ঠিত স্বর্ণ ব্যৱসায়ী চন্দন দাস। দুমাহ পূৰ্বে তেওঁ ৰওচৰত উপস্থিত হয় স্থানীয় এজন ঠিকাদাৰ। সোণৰ মাস্ক নিৰ্মাণৰ অৰ্ডাৰ দিয়ে তেওঁ। চন্দন দাসৰ দাবী, নতুন নতুন মডেলৰ গহনা নিৰ্মাণ কৰে তেওঁ। সেয়ে তেওঁ অৰ্ডাৰ ঘূৰাই নিদিয়ে আৰু ১৫ দিনৰ ভিতৰতেই তৈয়াৰ কৰে সোণৰ মাস্কখন।
লাখটকীয়া মাস্কৰ ক্রেতা ঠিকাদাৰজনৰ ঘনিষ্ঠ এজন ব্যৱসায়ীয়ে প্ৰকাশ কৰা মতে, গহনাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট চখ আছে। দুই হাতৰ আঙুলিত সোণৰ আঙুঠি, ডিঙিত একাধিক সোণৰ হাৰ, হাতৰ গাঁথিত সোণৰ ব্রেছলেটৰ সৈতে সামঞ্জস্য ৰাখিয়েই সোণৰ মাস্ক পিন্ধাৰ চখ জাগে তেওঁৰ। কিন্তু পূজাত সকলোকে অবাক কৰিবলৈ গৈ বিড়ম্বনাত পৰিবলগা হয়। ফলত সেই মাস্কৰ স্থান এতিয়া চন্দুকত !










