![]()
নিউজ ডেস্কঃ
বিগত পাঁচ দিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণ চেন্নাইসহ তামিলনাডুৰ বিভিন্ন জিলাত। চহৰৰ বহু অংশ পানীৰ তলত। চেন্নাইৰ টিপি ছত্রম এলেকাৰ এখন কবৰস্তানত অচেতন অৱস্থাত পৰি আছিল এজন ব্যক্তি। প্ৰায় ২৮ বছৰমান বয়সৰ ব্যক্তিজনে কোনো কাৰণত অসুস্থ হৈ জ্ঞান হেৰুৱাইছিল।
তাকে দেখি হাট সাৱতি বহি থাকিব নোৱাৰিলে আৰক্ষী পৰিদৰ্শক ৰাজেশ্বৰী। জলমগ্ন চহৰত কেতিয়া এম্বুলেন্স আহি পাব তাৰ কোনো ঠিক নাই। সেয়ে ব্যক্তিজনক কান্ধত উঠাই খোজ দিয়ে তেওঁ। তাৰ পিছত এখন অটো ৰিক্সাত উঠাই তেওঁক হস্পিটেললৈ লৈ যায়৷ সেই ভিডিও এতিয়া ভাইৰেল। অৱশ্যে পৰৱৰ্তী সময়ত ব্যক্তিজনৰ কি হ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই।
উল্লেখ্য, বিগত কেইবা দিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণত তামিলনাডুত মৃত্যু হৈছে ১৪ জন লোকৰ। চেন্নাইত বিপর্যস্ত জনজীৱন। যোৱা পাঁচ দিন ধৰি ৰাজধানীসহ বিভিন্ন জিলা, চহৰ পানীৰ তলত।










