![]()
নিউজ ডেস্কঃ
ভাৰত চৰকাৰৰ ‘পদ্মশ্রী’ সন্মান লাভ কৰিলে এগৰাকী পাকিস্তানী সৈনিকে। কাৰণ ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ভাৰতক বিশেষভাবে সহায় কৰিছিল তেওঁ। ইমান দিনে সেনাবাহিনীৰ তথ্য গোপনে ৰখাত তেওঁৰ নাম জানিব পৰা নগ’লেও এইবাৰ লেফটেনেণ্ট কর্নেল কাজী চাজ্জাদ আলি জাহিৰক সন্মান জনোৱাত কৃপণালি নকৰিলে ভাৰত চৰকাৰে।
বাংলাদেশত (তৎকালীন পূর্ব-পাকিস্তান) তেতিয়া পাক সেনাৰ দুর্বিষহ অত্যাচাৰ আৰু মানৱাধিকাৰ উলঙ্ঘন চলিছে। শিয়ালকোটত তেতিয়া কৰ্তব্যৰত আছিল মাত্র ২০ বছৰীয়া চাজ্জাদ আলি জাহিৰ। লুকাই-চুৰকৈ ভাৰতলৈ আহে যদিও তাতো বিপদে এৰা নিদিয়ে। তেওঁক পাকিস্তানৰ গুপ্তচৰ বুলি ভাবি পাঠানকোটত দায়িত্বৰত ভাৰতীয় সেনা বিষয়াসকলে চৰমভাৱে অত্যাচাৰ চলায়। ইয়াৰ পিছত পাক সেনাৰ একাধিক গোপন নথি দি তেওঁৰ প্ৰকৃত উদ্দেশ্য জনোৱাত দিল্লীৰ এক নিৰাপদ স্থানলৈ পঠাই দিয়া হয় চাজ্জাদক। তাৰ পৰাই ভাৰতীয় সেনাৰ সৈতে যোগসূত্র ৰক্ষা কৰি চলিছিল তেওঁ। ইয়াৰ পিছত বাংলাদেশলৈ গৈ মুক্তিবাহিনীৰ সদস্যসকলক গেৰিলা যুদ্ধৰ অনুশীলন দিয়াবলৈ আৰম্ভ কৰে চাজ্জাদে।
আজিও চাজ্জাদ আলি জাহিৰক চৰম ঘৃণা কৰে পাকিস্তানে। তেওঁৰ নামত মৃত্যু পৰোৱানা জাৰি হৈ আছে ৫০ বছৰ ধৰি। কিন্তু বাংলাদেশত তেওঁ বীৰৰ সম্মানেৰে সম্মানিত। বাংলাদেশ চৰকাৰে তেওঁক ‘বীৰ প্রতীক’ আৰু স্বাধীনতা পদক সন্মানেৰে বিভূষিত কৰিছে। এইবাৰ ভাৰতেও জনালে তেওঁক সন্মান।









