![]()
নিউজ ডেস্কঃ
স্বামীৰ বিৰুদ্ধে জোৰপূৰ্বক দেহ ব্যৱসায়ত নমোৱাৰ অভিযোগ তুলিলে ডাউদ ইব্রাহিমৰ ঘনিষ্ঠ ৰিয়াজ ভাট্টিৰ পত্নী ৰেহনুমা ভাট্টিয়ে। কেৱল সেয়াই নহয়, তেওঁৰ অভিযুক্তৰ তালিকাত আছে বহু কেইজন ৰাজনীতিক আৰু ক্ৰীড়াবিদো।
যোৱা ২৪ ছেপ্টেম্বৰত মুম্বাই আৰক্ষী আয়ুক্তৰ ওচৰত এই মর্মে এক অভিযোগ দাখিল কৰে ৰেহনুমাই। সম্প্রতি ‘দ্য প্রিন্ট’ৰ হাতত উক্ত অভিযোগ-পত্র আছে। অভিযোগ-পত্রত কোনো ঠিকনা, নির্দিষ্ট তাৰিখ আৰু ক’ত তেওঁৰ সৈতে এনে ঘটনা ঘটিছে সেই কথা অৱশ্যে উল্লেখ নাই।
ৰেহনুমাৰ অভিযোগ, আৰক্ষীৰ ওচৰত এফআইআৰ দাখিলৰ বাবে বাৰম্বাৰ চেষ্টা কৰিছিল তেওঁ। কিন্তু তেওঁলোকে সহযোগিতা কৰা নাছিল। ছেপ্টেম্বৰতে তেওঁ অভিযোগ-পত্র জমা দিয়ে যদিও নৱেম্বৰ মাহ পৰাৰ পিছতো এতিয়াও কোনো ব্যৱস্থা লোৱা নাই। তেওঁৰ দাবী, আৰক্ষীৰ শীর্ষ স্তৰৰ বিষয়াসকলক একাধিকবাৰ সাক্ষাৎ কৰিছে৷ কিন্তু তেওঁৰ পৰা ধন বিচৰা হৈছে।
ৰেহনুমাই তেওঁৰ অভিযোগ-পত্রত জনাইছে যে ২০১১-১২ চনত এজন ব্যক্তিৰ সৈতে জোৰপূৰ্বক শাৰীৰিক সম্পর্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল তেওঁৰ স্বামীয়ে। ২০১৪-১৫ চনত এজন ক্রিকেটাৰ আৰু কেইবাজনো ক্রীড়াবিদেও তেওঁক ধর্ষণ কৰে। কেৱল সেয়াই নহয়, তেওঁক ধর্ষণ কৰিছে এজন প্রাক্তন কেন্দ্রীয় মন্ত্রীয়েও। ৰেহনুমাৰ দাবী, উক্ত মন্ত্রীজনৰ সন্মুখত তেওঁক নগ্ন হৈ নাচিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁ আপত্তি কৰাত বেয়াকৈ মাৰধৰ কৰা হয়।










