![]()
নিউজ ডেস্কঃ
চীন আৰু পাকিস্তান সীমান্তত উত্তেজনাৰ মাজতেই সশস্ত্র বাহিনীৰ তিনিওটা শাখাকে অস্ত্র আৰু গোলাবাৰুদ ক্ৰয়ৰ বাবে দিয়া বিশেষ আর্থিক ক্ষমতাৰ ম্যাদ বঢ়ালে কেন্দ্রই। প্রতিৰক্ষা মন্ত্ৰালয়ৰ সূত্রৰ খবৰ অনুযায়ী, আগন্তুক ৩১ ডিচেম্বৰ পর্যন্ত স্থলসেনা, নৌসেনা আৰু বায়ুসেনাক জৰুৰী ভিত্তিত অস্ত্র আৰু গোলাবাৰুদ ক্ৰয়ৰ বাবে বিশেষ ক্ষমতা দিয়া হৈছে।
উল্লেখ্য, যোৱা বছৰ লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখাত (এলঅ’চি) চীনৰ সৈতে সংঘাতৰ সময়তেই সশস্ত্র বাহিনীৰ তিনিওটা শাখাক জৰুৰী ভিত্তিত ৫০০ কোটি টকা পর্যন্ত অস্ত্র আৰু সামৰিক সৰঞ্জাম ক্ৰয়ৰ অনুমোদন দিছিল কেন্দ্রই। প্রাথমিকভাবে ২০২০ৰ ডিচেম্বৰ পর্যন্ত সময়সীমা থাকিলেও পিছত সেয়া চলিত বছৰৰ আগষ্ট পর্যন্ত বৃদ্ধি কৰা হয়।
আনহাতে, প্রতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্রই জনোৱা মতে, জৰুৰী ভিত্তিত অস্ত্র আৰু সামৰিক সৰঞ্জাম ক্ৰয়ৰ ক্ষেত্রত প্ৰচলতি পদ্ধতিৰ কিছু সলনি কৰিব বিচাৰিছে কেন্দ্রই। লগতে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে সমৰ উপকৰণ ক্ৰয়ৰ বাবে মূলধন আৰু ৰাজহ সংগ্রহৰ নীতিতো কিছু পৰিৱৰ্তন অনাৰ পৰামৰ্শ দিছে।










