![]()
নিউজ ডেস্কঃ
কাশ্মীৰৰ শ্রীনগৰ আৰু কুলগামত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত হৈছে হিজবুল কমাণ্ডাৰসহ তিনিজন সন্ত্ৰাসবাদী। শ্রীনগৰত নিহত হৈছে মুজাহিদিন গজৱাতুল হিন্দ সন্ত্ৰাসবাদী গোটৰ সদস্য।
কাশ্মীৰ আৰক্ষীৰ আইজি বিজয় কুমাৰে জনোৱা মতে, শ্রীনগৰত নিহত হোৱা সন্ত্ৰাসবাদীটোৰ নাম আমিৰ ৰিয়াজ। ৰিয়াজে মুজাহিদিন গজৱাতুল হিন্দৰ হৈ কাম কৰিছিল। ৰিয়াজৰ এজন আত্মীয় ২০১৯ চনৰ পুলৱামা বিস্ফোৰণৰ সৈতে জড়িত আছিল।
বৃহস্পতিবাৰে বিশেষ সূত্রৰ খবৰৰ ভিত্তিত শ্রীনগৰৰ বেমিনা এলেকাৰ হামদানিয়াত এনকাউন্টাৰ আৰম্ভ আৰম্ভ কৰে নিৰাপত্তা বাহিনীয়ে। তাতেই নিহত হয় আমিৰ।
আনহাতে, কুলগামত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে হিজবুল মুজাহিদিনৰ জিলা কমাণ্ডাৰ চিৰাজ মলভি আৰু আন এজন সন্ত্ৰাসবাদী ইয়াৱাৰ ভাট।










