![]()
নিউজ ডেস্কঃ
ৰাজধানীত দুদিনৰ লকডাউনৰ পৰামর্শ দিলে ভাৰতৰ মুখ্য ন্যায়াধীশ এনভি ৰামান্না, ন্যায়াধীশ ডিৱাই চন্দ্রচূড় আৰু সূর্য কান্তৰ বিচাৰপীঠে। অৱশ্যে কোভিড সংক্রমণ বৃদ্ধিৰ বাবে নহয়, দিল্লীৰ প্ৰদূষণ বৃদ্ধি হোৱাৰ বাবেই এই উপদেশ।
উল্লেখ্য, দীপাৱলীৰ পিছৰ পৰাই ৰাজধানীৰ বায়ুমণ্ডলৰ অৱস্থা সাংঘাটিকভাৱে প্ৰদূষিত হৈছে অবস্থা সঙ্গিন। ঘন ধোঁৱাই আৱৰি আছে চৌদিশ। পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটি আছে। এনে অৱস্থাত ১৭ বছৰীয়া এগৰাকী ছাত্ৰৰ আবেদনৰ ভিত্তিত দুদিন লকডাউন জাৰি কৰাৰ প্রস্তাৱ দিয়ে ছুপ্রিম কোৰ্টে। মুখ্য ন্যায়াধীশ ৰামান্নাই এই সন্দৰ্ভত কয়, “পৰিস্থিতি কিমান শোচনীয় আমি দেখিছো। আমি আনকি ঘৰতো মাস্ক পিন্ধি আছো।”
কেন্দ্রৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, “কেন্দ্র, ৰাজ্য আৰু এজেন্সিবোৰৰ প্রত্যেকেই নিজৰ ভাগে যুঁজিছে। যিবোৰ পদক্ষেপ লোৱা হৈছে তাৰ এটি সংক্ষিপ্ত ৰূপ জমা দিয়া হৈছে।”










