![]()
নিউজ ডেস্কঃ
বায়ুৰ মান আৰু প্ৰদূষিত চহৰ চিনাক্ত কৰা ছুইজাৰলেণ্ডৰ এটি সংস্থাই সম্প্রতি বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ১০ চহৰৰ তথ্য প্ৰকাশ কৰিছে। গুৰুত্বপূৰ্ণ কথা যে এই শীৰ্ষ ১০ৰ ভিতৰত আছে ভাৰতৰে তিনিখন চহৰ! আইকিউ-এয়াৰ নামৰ ছুইছ সংস্থাটো ৰাষ্ট্রসংঘৰ প্ৰদূষণ সংক্রান্তীয় আঁচনিৰ তথ্য-প্রযুক্তি সহায়ক।
ছুইছ সংস্থাটোৱে দিয়া তালিকাত শীৰ্ষস্থানতে আছে ৰাজধানী দিল্লীৰ নাম। বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰ হৈছে পাকিস্তানৰ লাহোৰ। তৃতীয় প্ৰদূষিত চহৰ হৈছে বুলগেৰিয়াৰ ছ’ফিয়া।
চতুর্থ প্ৰদূষিত চহৰ হৈছে কলকাতা। ছুইছ সংস্থাটোৰ সমীক্ষা অনুযায়ী, ক্রোৱেছিয়াৰ ৰাজধানী জাগ্রেব পঞ্চম প্ৰদূষিত চহৰ।
ষষ্ঠ স্থানত আছে ভাৰতৰ আন এক চহৰ মুম্বাই। ছার্বিয়াৰ ৰাজধানী বেলগ্রেড সপ্তম, চীনৰ চেঙ্গদু অষ্টম, উত্তৰ মেচিডোনিয়াৰ চহৰ স্কপজে নৱম আৰু দশম স্থানত আছে পোলেণ্ডৰ ক্রাকো ।










