![]()
নিউজ ডেস্কঃ
দ্বিপাক্ষিক বার্ষিক সন্মিলনত যোগ দিবলৈ ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে তেওঁৰ বৈঠকত এছ-৪০০ ক্ষেপণাস্ত্র প্রতিৰোধী ব্যৱস্থাসহ কেইবাটাও ৰুছ প্রতিৰক্ষা সামগ্ৰী ক্ৰয়ৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত হ’ব পাৰে বুলি বিদেশ মন্ত্ৰালয়ৰ এক সূত্রত প্ৰকাশ।
আনহাতে, পুটিনৰ ভ্ৰমণৰ পূৰ্বেই দ্বিপাক্ষিক অর্থনীতি আৰু প্রতিৰক্ষা সহযোগিতা সন্দৰ্ভত ‘টু প্লাছ টু মেকানিজিম’ বৈঠক হোৱাৰো কথা। তাত উপস্থিত থাকিব পাৰে ৰাছিয়াৰ উপ-প্রধানমন্ত্রী ইউৰি বৰিছভ। সম্প্রতি ৰন্ধন গেছ সংক্রান্তীয় এক দীর্ঘম্যাদী চুক্তিত চহী কৰিছে নতুন দিল্লী-মস্কোই।
উক্ত চুক্তিৰ ফলত ৰাছিয়াৰ পৰা তৰলীকৃত প্রাকৃতিক গেছ পাব ভাৰতে। উক্ত চুক্তি ৰূপায়ণৰ লগতে ‘টু প্লাছ টু মেকানিজিম’ বৈঠকত ইৰান–ভ্লাডিভষ্টক (ৰাছিয়া)-চেন্নাই নৌ-সংযোগ সন্দৰ্ভতো আলোচনাৰ সম্ভাৱনা আছে।










