![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও:নগাঁৱৰ ৰামানুজন জুনিঅ’ৰ কলেজৰ ছাত্ৰাৱাসত ক’ভিডৰ সংক্ৰমণ। নগাঁৱৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা আৰু শিক্ষানুষ্ঠান খনৰ ৫ জন ছাত্ৰ ক’ভিডত আক্ৰান্ত হৈছে ।
ক’ভিড আক্ৰান্ত পাঁচজন ছাত্ৰক আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ভৰ্তি কৰোৱা হৈছে বুলি চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ ।
অৱশ্যে ক’ভিড আক্ৰান্ত অধ্যক্ষ জনক শিক্ষানুষ্ঠান খনৰ ওপৰত থকা নিজা আৱাসতে ‘আইচ’লেশ্যন’ত থকাৰ ব্যৱস্হা কৰা হৈছে । শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ আৰু ছাত্ৰৰ দেহত কভিডৰ অৱস্থিতি ধৰা পৰাত এতিয়া চিন্তাত পৰিছে অভিভাৱক সকল।













