![]()
নিউজ ডেস্কঃ
গৰুৰ বাবে এম্বুলেন্স সেৱা আৰম্ভ উত্তৰ প্রদেশ চৰকাৰৰ। দুগ্ধ উন্নয়ন, পশুপালন আৰু মৎস্য সম্পদ উন্নয়ন বিভাগৰ মন্ত্রী লক্ষ্মী নাৰায়ণ চৌধুৰীয়ে দেওবাৰে এইকথা জনাইছে। অসুস্থ গৰুক দ্রুততাৰে চিকিৎসা কৰোৱাৰ লক্ষ্যতেই এই সেৱা আৰম্ভ হ’ব যোগী ৰাজ্যত। মন্ত্রীগৰাকীয়ে জনোৱা মতে, গৰুৰ বাবে এই ধৰণৰ সেৱা ‘দেশত প্রথম’।
‘অভিনৱ এম্বুলেন্স’ সেৱা ডিচেম্বৰ মাহৰ পৰা পোৱা যাব। ২৪ ঘণ্টাই এই সেৱা লাভ কৰিব পোহনীয়া পশুপালকসকলে। ইয়াৰ বাবে ইতিমধ্যে ৫১৫খন এম্বুলেন্স প্ৰস্তুত আছে বুলি জনাইছে মন্ত্ৰী লক্ষ্মী নাৰায়ণে। তেওঁ কয়, ‘‘এই সেৱাৰ বাবে জৰুৰীকালীন নম্বৰ ১১২ত ফোন কৰিব লাগিব। অসুস্থ গৰুৰ দ্রুত চিকিৎসাৰ বাবেই এই ব্যৱস্থা।’’
উক্ত নম্বৰত ফোন কৰাৰ আধা ঘণ্টাৰ ভিতৰতে দুই সহকাৰী লগত লৈ এজন পশুচিকিৎসক আহি উপস্থিত হ’ব বুলিও জনাইছে মন্ত্রীগৰাকীয়ে। এই সেৱা সংক্রান্তীয় অভাৱ-অভিযোগৰ বাবে লক্ষ্ণৌত এটি কলচেণ্টাৰো খুলিব যোগী চৰকাৰে।










