![]()
নিউজ ডেস্কঃ
দুর্বিষহ অৱস্থা আফগানিস্তানৰ। তালিবানি শাসন প্ৰৱৰ্তনৰ পিছৰ পৰা দেশখনত বৃদ্ধি পাইছে দৰিদ্ৰতা। দাৰিদ্ৰ্যৰ জ্বালাত অতি কম বয়সতে কন্যা সন্তানসকলক বিয়া দিছে পৰিয়ালৰ লোকে। আনকি অর্থৰ বাবে ২০ দিনীয়া শিশুকন্যাকো বিয়া দিছে।
এই তথ্য জনাইছে স্বয়ং ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিয়েটা ফোৰে। ইউনিচেফ আৰু তাৰ সহযোগী সংস্থাবোৰৰ তথ্য মতে, ২০১৮ৰ পৰা ২০১৯ৰ ভিতৰত কেৱল হেৰাট আৰু বাঘদিছ প্রদেশতেই ১৮৩টা বাল্যবিবাহ আৰু শিশুবিক্ৰীৰ ঘটনা ঘটিছে। এই শিশুসকলৰ বয়স ছয়মাহৰ পৰা ১৭ বছৰৰ ভিতৰত।
উল্লেখ্য, আফগানিস্তানত এতিয়া তীব্ৰ খাদ্য সঙ্কটে দেখা দিছে। ইয়াৰ লগত যোগ হৈছে অতিমাৰি আৰু চৰকাৰ সলনিৰ ফলত কামৰ অভাৱ। তাৰ উপৰি হাড়কঁপোৱা শীতকাল আহি পৰিছে। সকলো মিলাই দিশহাৰা অৱস্থা দৰিদ্র আফগানসকলৰ।










